WATCH | Heavy Storm : ৰাইজৰ মাজত উপস্থিত হৈ ক্ষয় ক্ষতিৰ বুজ ল’লে বিধায়ক পদ্ম হাজৰিকাই
জামুগুৰিহাট,১১মে’ : শনিবাৰে নিশা অহা প্ৰচণ্ড ধুমুহাৰ ফলত জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি সাধন হয় ৷
জামুগুৰিহাটৰ গড়বিল, চিলনী পাম,বৰদিকৰাই মিৰি, ধলাইবিল,চামধাৰা,২নং বৰপথাৰ আদিতো ধুমুহাই তাণ্ডৱ চলায়।
ধুমুহাৰ ফলত প্ৰকাণ্ড প্ৰকাণ্ড গছ সমূহ ৰাইজৰ বিস্তৰ ক্ষতিসাধন হৈছে যদিও যদিও বৰ্তমান লৈকে কোনো লোকৰ হতাহতিৰ খবৰ পোৱা নাই ।
বিভিন্ন অঞ্চলত নিশা অহা ধুমুহাই তচনচ কৰি পেলাই বিদ্যুত পৰিবাহি খুটা ভাঙি পেলাইছে৷
নিশাৰে পৰাই বৃহত্তৰ জামুগুৰিহাট অঞ্চলটোতে বিদ্যুত যোগান বন্ধ হৈ আছে ৷
ৰাইজৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰৰ সৃষ্টি হৈছে৷
বিদ্যুত বিভাগক শীঘ্ৰে মেৰামতি কৰি বিদ্যুত যোগান নিয়মীয়া কৰিবলৈ দাৱী জনাইছে অঞ্চলটোৰ ৰাইজে৷
ইফালে অঞ্চলটোৰ ধলাইবিলত যোৱা নিশাৰ ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে৷
উত্তৰ জামুগুৰি কণ্যা বিদ্যালয় গৃহৰ ওপৰত গছ বাগৰি পৰি ক্ষতিগ্ৰস্ত কৰাৰ লগতে বৃহৎ ভৱনৰ টিনপাত সমুহ ধুমুহা বতাহে উৰুৱাই নিয়ে৷
ধলাইবিল উত্তৰ জামুগুৰি সাহিত্য সভা ভৱনৰ কাষৰ ড° ভূপেন হাজৰিকা সোঁৱৰনী মঞ্চৰ টিনপাত ধুমুহা বতাহে উৰুৱাই নিয়ে৷
শ্ৰীমন্ত শংকৰদেৱে সেৱাশ্ৰমৰ গৃহৰ ওপৰত গছ বাগৰি ক্ষতি হয়৷
ইয়াৰ উপৰিও ধলাইবিল ব্যৱসায় কেন্দ্ৰৰ দোকন ঘৰৰ টিনপাত উৰুৱাই নিয়াৰ উপৰিও ২ নং বৰপথাৰ গাঁৱৰ কেইবটাও পৰিয়ালৰ গৃহৰ টিনপাত বতাহে উৰুৱাই নিয়াৰ ফলত বিস্তৰ ক্ষতি হয়৷
আজি ৰাইজৰ মাজত উপস্থিত হৈ ক্ষয় ক্ষতিৰ বুজ ল’লে বিধায়ক পদ্ম হাজৰিকাই।
লগতে পঢ়ক : WATCH | Heavy Storm : জামুগুৰিহাটৰ ধলাইবিলত ধুমুহাৰ তাণ্ডৱ