WATCH | Heavy Storm : জামুগুৰিহাটৰ ধলাইবিলত ধুমুহাৰ তাণ্ডৱ
জামুগুৰিহাট,১১মে’ : জামুগুৰিহাটৰ ধলাইবিলত ধুমুহাৰ তাণ্ডৱ । শনিবাৰে নিশাৰ ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে জামুগুৰিহাটৰ বিভিন্ন অঞ্চল ৷
উত্তৰ জামুগুৰি কণ্যা বিদ্যালয় গৃহৰ ওপৰত গছ বাগৰি পৰি ক্ষতিগ্ৰস্ত কৰাৰ লগতে বৃহৎ ভৱনৰ টিনপাত সমূহ ধুমুহা বতাহে উৰুৱাই নিয়ে ৷ ধলাইবিল উত্তৰ জামুগুৰি সাহিত্য সভা ভৱনৰ কাষৰ ড°ভূপেন হাজৰিকা সোঁৱৰনী মঞ্চৰ টিনপাত ধুমুহা বতাহে উৰুৱাই নিয়ে( Heavy Storm) ৷
শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰমৰ গৃহৰ ওপৰত গছ বাগৰি পৰে ফলত বিস্তৰ ক্ষতি হয় ৷
ইয়াৰ উপৰিও ধলাইবিল ব্যৱসায় কেন্দ্ৰৰ দোকন ঘৰৰ টিনপাত উৰুৱাই নিয়াৰ উপৰিও ২ নং বৰপথাৰ গাঁৱৰ কেইবাটাও পৰিয়ালৰ গৃহৰ টিনপাত বতাহে উৰুৱাই নিয়ে৷
বামুনিপাম গাঁৱৰ মাজেৰে যোৱা উচ্চ ক্ষমতা সম্পন্ন (৪৪০ ভল্ট) বিদ্যুত পৰিবাহী তাৰ সংযোগী খুঁটা বাগৰি পৰি ট্ৰেঞ্চফৰ্মৰ বিকল হয়৷
অঞ্চলটোত বিদ্যুত যোগান বন্ধ হৈ আছে৷ জামুগুৰি বিদ্যুত উপসংমণ্ডলৰ বিষয়া কৰ্ম্মচাৰী সকলে মেৰামতিৰ কাম কৰি আছে যদিও সফল হোৱা নাই ৷