Local, Vocal, Global

WATCH | Heavy Storm : বৰদলনিত ধুমুহা তাণ্ডৱ

ধেমাজি,১২জুন : বৰদলনিত ধুমুহা তাণ্ডৱ। ধুমুহাৰ ফলত প্ৰায় ১০-১৫ খন গাঁৱৰ শতাধিক লোকৰ ক্ষয়-ক্ষতি ।

সংবাদ মাধ্যমক ভুক্তভোগীয়ে অৱগত কৰোৱাৰ অনুসৰি ধেমাজি জিলাৰ বৰদলনি অঞ্চলৰ প্ৰায় ১০-১৫ খন গাৱত পুউতি নিশা প্ৰায় দুই মান বজাত প্ৰকৃতি কাল ৰূপ ধাৰণ কৰে ।

প্ৰৱল বৃষ্টিপাত আৰু ধুমুহাত অঞ্চলটোৰ বহু লোকৰ ঘৰ উৰুৱাই নিয়া লগতে বিভিন্ন ধৰনে ক্ষয়-ক্ষতি হয় অঞ্চলটোত।ইয়াৰ ওপৰিও অঞ্চলটোৰ শ শ তামোল গছৰ লগতে বিভিন্ন গছ গচনি ভাগে পৰে বুলি জানিবলৈ দিয়ে।

লগতে বাতৰি লিখা সময়ৰ লৈকে অঞ্চল টোত বিদ্যুৎ লাইন বিচ্ছিন্ন হৈ আছে বুলি জানিবলৈ দিয়ে ৰাইজে(Heavy Storm)।

ভুক্তভোগীয়ে গাঁওবুঢ়া লগতে গাঁও পঞ্চায়তৰ সদস্যক খবৰ দিয়াত গাঁওবুঢ়া লগতে গাঁও পঞ্চায়তৰ সদস্যই সমস্যাৰ সমূহ বুজ লৈছে বুলি জানিবলৈ দিয়ে।

লগতে পঢ়ক : WATCH | Heated situation : বিলাসীপাৰা চ’ক বজাৰত উত্তপ্ত পৰিস্থিতি