WATCH | Heavy Storm : চাবুৱাত নিশা বিধ্বংসী ধুমুহা
ডিব্ৰুগড়,১৮মাৰ্চ : চাবুৱাত নিশা বিধ্বংসী ধুমুহা । বিধ্বংসী ধুমুহাই ক্ষতিসাধন কৰে ২০ টাতকৈও অধিক বাসগৃহ। প্ৰকাণ্ড গছৰ ডাল পৰি ক্ষতি হয় দুচকীয়া, তিনিচকীয়া বাহনৰো। ধুমুহাৰ ফলত বিদুৎ পৰিবাহিত তাঁৰ চিঙি পৰাত ব্যাহত হৈ পৰে বিদুৎ সেৱা(Heavy Storm) ৷
বিধ্বংসী ধুমুহাত কথমপি প্ৰাণৰক্ষা বৃদ্ধা আৰু এটি শিশু। ৰহমৰীয়াৰ গেণীচুক, হাঁহৰিয়াল, বগৰীতলিয়াত নিশা চলালে ধুমুহাৰ তাণ্ডৱলীলা ।
বৃহত্তৰ অঞ্চলটোৰ বহু পৰিয়ালৰ বাসগৃহ বতাহ ধুমুহাত ক্ষতিগ্ৰস্ত হোৱাত নিশা আশ্ৰয়হীন হৈ পৰে। ফলটোত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ মাজত সৃষ্টি হয় এক হাহাকাৰ পৰিস্থিতি।
লগতে পঢ়ক : WATCH | Assam Orunodoi Scheme: একাংশ যোগ্য মহিলাক অৰুনোদয় আঁচনিৰ পৰা নাম কৰ্তন