Local, Vocal, Global

Heavy Snowfall Kills 15, Injures Dozens In Afghanistan : আফগানিস্তানৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড তুষাৰপাত;মৃত্যু ১৫ জনৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, ২ মাৰ্চ : তিনিদিন ধৰি প্ৰচণ্ড তুষাৰপাত । তুষাৰপাতৰ ফলত মৃত্যু ১৫জনকৈ লোকৰ, আহত ৩০ জন( Heavy snowfall claims 15 lives, injures dozens) ।

আফগানিস্তানৰ বিভিন্ন প্ৰান্তত বিগত তিনিদিন ধৰি প্ৰচণ্ড তুষাৰপাত ৷ দেশখনৰ কেইবাখনো প্ৰদেশত হোৱা তুষাৰপাত হোৱাৰ ফলত মৃত্য়ু ১৫ জনকৈ লোকৰ আৰু আঘাতপ্ৰাপ্ত ৩০ জনকৈ ব্যক্তি ৷

জানিব পৰা মতে, বালখ আৰু ফাৰিয়াব প্ৰদেশত হোৱা তুষাৰপাতে পশুধনৰ ওপৰত বিধ্বংসী প্ৰভাৱ পেলাইছে ৷ বৰ্তমান পৰ্যন্ত প্ৰায় দহ হাজাৰ জীৱ-জন্তুৰ মৃত্যু হৈছে ।

ছাৰ-ই-পুলৰ এগৰাকী বাসিন্দা আব্দুল কাদিৰে তুষাৰপাতে জনজীৱনত পেলোৱা প্ৰভাৱ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি কয়, ” দেশখনত তুষাৰপাত অব্যাহত আছে ৷ ইয়াৰ বাবে জনসাধাৰণে উদ্বিগ্নতাত ভুগিছে ৷ কাৰণ সকলোৰে পশুধনৰ ক্ষতি হৈছে ৷ বহু বাট-পথ বন্ধ হৈ পৰাৰ ফলত যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে(Heavy Snowfall Claims 15 Lives, Injures Dozens) ৷”

আন এজন বাসিন্দা আমানুল্লাই বিশেষকৈ পথ বন্ধ আৰু ভোকাতুৰ পশুধনৰ দুৰ্দশাৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে চৰকাৰী সাহায্যৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

উল্লেখ্য যে, এই প্ৰাকৃতিক সংকটৰ প্ৰতি সঁহাৰি জনাই আফগানিস্তানে বিশেষকৈ পশুধনৰ মালিকৰ ক্ষতিৰ সমাধানৰ বাবে বিভিন্ন মন্ত্ৰণালয়ক লৈ এখন সমিতি গঠন কৰাৰ কথা ঘোষণা কৰিছে । বালখ, জাউজজান, বদঘিছ, ফাৰিয়াব আৰু হেৰাট প্ৰদেশৰ পশুধনৰ মালিকসকলক সহায় কৰিবলৈ পঞ্চাশ নিযুত আফগানীক কৰ্তৃপক্ষই আবণ্টন দিছে ।

কৃষি, জলসিঞ্চন আৰু পশুধন মন্ত্ৰণালয়ৰ তালিবানে নিযুক্তি দিয়া মুখপাত্ৰ মিছবাহুদ্দিন মুস্তাইনে সকলো প্ৰদেশতে গঠন হোৱা সমিতিৰ দ্ৰুত সঁহাৰি সন্দৰ্ভত আলোকপাত কৰে । এই সমিতিসমূহে বন্ধ হৈ থকা পথবোৰ মুকলি কৰাৰ লগতে ক্ষতিগ্ৰস্ত জনগোষ্ঠীসমূহক খাদ্য আৰু পশুখাদ্য বিতৰণ কৰা, প্ৰচণ্ড বৰফৰ ফলত আবদ্ধ হৈ থকাসকলক উদ্ধাৰৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আছে ।

ইফালে তীব্ৰ তুষাৰপাতৰ ফলত ছালাং পাছকে ধৰি মূল পৰিবহণ পথসমূহ বন্ধ হৈ পৰিছে আৰু ঘোৰ, বদঘীছ, গাজনি, হেৰাট, বামিয়ান আদি বিভিন্ন প্ৰদেশলৈ যোৱাৰ পথ বন্ধ হৈ পৰিছে । ৰাজহুৱা কাম-কাজ মন্ত্ৰণালয়ৰ মুখপাত্ৰ মহম্মদ আশ্ৰাফ হাকশ্বেনছে বিগত দুদিন ধৰি প্ৰচণ্ড তুষাৰপাত হোৱাৰ বাবে এই পথসমূহ অস্থায়ীভাৱে বন্ধ হৈ পৰা বুলি কয় ।

লগতে পঢ়ক : Namrup OC Allegedly Shoots Self : নিজৰ চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা OC ৰ