Local, Vocal, Global

Heavy Rains Batter Andhra Pradesh And Telangana : অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলন

নেশ্যনেল ডেস্ক, ১ছেপ্টেম্বৰ : পুনৰ ৰুষ্ট প্ৰকৃতিৰ ৰোষত পৰিছে অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা । ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ কৱলত অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে, শুকুৰবাৰে নিশাৰে পৰা বিজয়ৱাড়াকে ধৰি অন্ধ্ৰপ্ৰদেশৰ কেইবাটাও অঞ্চলত নেৰানেপেৰা বৰষুণ হৈ আছে । শনিবাৰে পুৱা ৮.৩০ বজালৈ বিজয়ৱাড়াত ১৮ চেঃমিঃ বৰষুণ হৈছে ।বৰষুণৰ ফলত কৃত্ৰিম বানৰ কবলত পৰিছে অন্ধ্ৰপ্ৰদেশৰ বিভিন্ন অঞ্চল । চহৰখনৰ প্ৰায় ২২ টা অঞ্চল প্ৰভাৱিত হৈছে ।পানী নিষ্কাষণৰ বাবে প্ৰশাসনে প্ৰচেষ্টা অব্যাহত ৰাখিছে(Heavy Rains Batter Andhra Pradesh And Telangana) ।

ইফালে গুন্টুৰ জিলাত ধাৰাসাৰ বৰষুণৰ ফলত উপপালাপাডু নলাত এখন বাহন সোমাই যায় । ফলত দুটি শিশুসহ ৩ গৰাকী লোক নিহত হয় । ইয়াৰ উপৰিও, বিজয়ৱাড়াৰ মুগলৰাজপুৰমত ভূমিস্খলনৰ কেইবাটাও পৃথক ঘটনাত ৪ গৰাকী লোক নিহত হয় আৰু আন ৫ গৰাকী লোক আহত হয় ।

এনে পৰিস্থিতিত মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকৰ আয়োজন কৰিছে । লগতে বৰষুণ প্ৰভাৱিত অঞ্চলসমূহত বিষয়াসকলক সক্ৰিয় হ’বলৈ নিৰ্দেশ দিছে । একেদৰে বিভিন্ন ঘটনাত মৃত্যু হোৱা লোকসকলৰ আত্মীয়লৈ ৫ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে । প্ৰভাৱিত অঞ্চলসমূহত বিদ্যালয় বন্ধৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিবলৈও প্ৰশাসনক নিৰ্দেশ দিছে ।

লগতে পঢ়ক : Terrible explosion during entry at prastuti parashars stage : আৱাহন থিয়েটাৰৰ মঞ্চত ব্যৱহাৰ কৰা আতচবাজিৰ ফিৰিঙতি পৰি আঘাতপ্রাপ্ত এগৰাকী মহিলা আৰু এজন যুৱক