Heavy rains and thunderstorms : ধেমাজিৰ ভিন্ন প্ৰান্তত প্ৰৱল ধুমুহা বৰষুণৰ তাণ্ডৱ
ধেমাজি,২৪ছেপ্তেম্বৰ : প্ৰচণ্ড গৰমৰ মাজতে মঙলবাৰে পুৱা ধেমাজিৰ ভিন্ন প্ৰান্তত প্ৰৱল ধুমুহা বৰষুণৰ তাণ্ডৱ(Heavy rains and thunderstorms)।
সোমবাৰে সন্ধিয়া হঠাতে অহা এজাক ধুমুহা বৰষুণে বিস্তৰ ক্ষতিসাধন কৰে ধেমাজিৰ অঞ্চলৰ বহু পৰিয়ালৰ বাসগৃহৰ।বহু পৰিয়ালসমূহৰ ঘৰৰ টিনপাত, মূধছ উৰুৱাই নিয়ে বতাহ ধুমুহাই।
ইফালে সোমবাৰে নিশা ভাগত অহা এজাক প্ৰচণ্ড বৰষুণ আৰু বতাহ ধুমুহাৰ ফলত ধেমাজি জিলা বিভিন্ন ঠাইত বিস্তাৰ ক্ষতিসাধন হয় । ধাৰাষাৰ বৰষুণৰ সৈতে অহা তীব্ৰ বেগী ধুমুহাই তচনচ কৰি যায় ধেমাজি জিলা বিভিন্ন ঠাই ।বতাহ ধুমুহা ফলত চিলাপথাৰৰ ডিমৌ, ডেম, লামাবৰগঁড়া, ডিমৌ নিউ সিমান্ত গাঁৱৰ ধেমাজি বৰদলনি, জোনাইৰ বহু পৰিয়ালৰ ঘৰ বাৰী, মূল্যবান গছ গছনি ভাগি উভালি পেলাই(Heavy rains and thunderstorms in Dhemaji)।
ধুমুহাত ক্ষতিগ্ৰস্ত পৰিয়ালক এককালীন সাহায্য প্ৰদান কৰিবলৈ আহ্বান ভুক্তভোগী পৰিয়ালৰ ৷