Local, Vocal, Global

Heavy Rainfall Triggers Severe Flooding in Dima Hasao :প্ৰৱল বৃষ্টিপাতৰ ফলত ডিমা হাচাওত স্তব্ধ প্ৰায় জনজীৱন

নিউজ ডেস্ক,২এপ্ৰিল : ৰুষ্ট প্ৰকৃতি, বিপৰ্যস্ত জনজীৱন ! প্ৰৱল বৃষ্টিপাতৰ ফলত ডিমা হাচাওত স্তব্ধ প্ৰায় জনজীৱন । প্ৰৱল বৃষ্টিপাতৰ ফলত পাহাৰীয়া জিলা ডিমা-হাচাওত অব্যাহত আছে ভূমিস্খলনৰ ঘটনা(
Heavy Rainfall Triggers Severe Flooding in Dima Hasao)।

নেৰানেপেৰা বৰষুণ ফলত জিলাখনত কেইবাটও ঠাইত যথেষ্ট ক্ষতি হৈছে । যাৰ ফলত জিলাখনত বহুকেইটা অঞ্চলত বিস্তৰ ক্ষতি সাধন হৈছে। প্ৰকৃতিৰ এনে ৰূপত ব্যাহত হৈ পৰিছে সাধাৰণ জনজীৱন নেৰানেপেৰা বৰষুণৰ ফলত ভূমিস্খলন আৰু গছ খহি পৰিছে(Heavy Rainfall Triggers Severe Flooding in Dima Hasao; communication disrupted) ।

নেৰা-নেপেৰা বৰষুণৰ ফলত জিলাখনৰ অন্যতম ব্যস্ত চহৰ মাইবাংত ভূমিস্খলনে ক্ষতিসাধন কৰিছে ৰে’লপথৰ। ফলত বৰাক উপত্যকাৰে ব্যাহত হৈছে ৰে’ল যোগাযোগ ব্যৱস্থা।লগতে হাফলং-শিলচৰ ৰে’ল সেৱাও ব্যাহত হৈ পৰিছে। পানীৰ প্ৰচণ্ড ধলৰ ফলত নামি অহা মাটি আৰু পানীয়ে ব্যহত কৰিছে যাতায়ত ব্যৱস্থা।

জিলাখনৰ কেতবোৰ অঞ্চলৰ ৰাইজে দুৰ্বিসহ জীৱন পাৰ কৰিব লগা পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হৈছে।

লগতে পঢ়ক : Railway Police Seize Rs 50 Lakhs Worth of Burmese Areca Nuts at Lumding Junction : লামডিং ৰেলৱে জংচনৰ পৰা জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি