অনাগত ৩ দিনৰ বাবে ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

নিউজ ডেক্স,২৯জুন : আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ (The Regional Meteorological Centre (RMC))ই অসমত বৰষুণ বৃদ্ধিৰ সতৰ্কবাণী জাৰি কৰিছে। অনাগত ৩ দিনৰ বাবে ৰাজ্যত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি উত্তৰ-পশ্চিম ৰাজস্থানৰ পৰা উত্তৰ-পূব ৰাজস্থান, উত্তৰ মধ্য প্ৰদেশ আৰু ছত্তীশগড়ৰ দক্ষিণ উৰিষ্যা উপকূলৰ পৰা পশ্চিমমধ্য বংগোপসাগৰলৈ এতিয়া এক পূব পশ্চিম বতাহ চলি আছে যি সাগৰ পৃষ্ঠৰ পৰা ০.৯ কিলোমিটাৰ পৰ্যন্ত ওপৰেৰে বৈ আছে।
যাৰ ফলত সাগৰ পৃষ্ঠৰ এক চাপ উত্তৰ প্ৰদেশৰ পৰা উত্তৰ-পূব আৰু অসমলৈ বৈ আছে। যাৰ ফলতেই বৰষুণৰ সম্ভৱনাই দেখা দিছে।
লগতে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ইয়াকো কোৱা হৈছে যে, এই বতাহৰ চাপৰ প্ৰভাৱতেই বজ্ৰপাত আৰু ধাৰাসাৰ বৰষুণ আহিব। অহা ৭২ ঘণ্টাত অসমত অত্যাধিক বৰষুণ সম্ভাৱনা আছে।