Local, Vocal, Global

Heavy Rain Alert:দেশজুৰি মুষলধাৰ বৰষুণ;স্তব্ধ জনজীৱন,দেশত ভিন্ন প্ৰান্তত ১৯ জনৰ মৃ্ত্যু

নেশ্যনেল ডেস্ক,১২আগষ্ট : দেশজুৰি মুষলধাৰ বৰষুণ।দেশৰ ৰাজধানী দিল্লীকে ধৰি দেশৰ ভিন্ন ৰাজ্যত ধাৰাসাৰ বৰষুণ । মুষলধাৰ বৰষুণত ফলত স্তব্ধ হৈ পৰিছে জনজীৱন।

দেওবাৰে পুৱাৰে পৰা দিল্লীত অব্যাহত থকা মুষলধাৰ বৰষুণৰ ফলত দিল্লী-এনচিআৰৰ বহু অঞ্চল পানীত বুৰ গৈছে। ইফালে বৰষুণৰ ফলত বহু নদ-নদী পানীৰে উপচি পৰিছে ফলত সৃষ্টি হোৱা বানৰ । বানৰ ফলত এইপৰ্যন্ত দেশৰ ভিন্ন প্ৰান্তত ১৯ জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে(Heavy Rain Alert) ।

এনে পৰিস্থিতিত বতৰ বিজ্ঞান বিভাগে অঞ্চলটোত অ’ৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। বৰষুণৰ বাবে অঞ্চলটোৰ বিভিন্ন স্থানত বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰাৰ লগতে পানীৰ সমস্যায়ো জনসাধাৰণক জুৰুলা কৰিছে।

যোৱা দুই-তিনি দিন ধৰি প্ৰায় সমগ্ৰ দেশতে নেৰানেপেৰা বৰষুণ অব্যাহত আছে। বতৰ বিজ্ঞান বিভাগে এনে পৰিস্থিতিত দেশৰ অধিকাংশ অঞ্চলত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে। উত্তৰ প্ৰদেশ, গুজৰাট, ওড়িশা, পশ্চিম বংগ, জম্মু-কাশ্মীৰ, মহাৰাষ্ট্ৰ, কৰ্ণাটক, ছত্তীশগড়, বিহাৰ আদি ৰাজ্যত বতৰ বিজ্ঞান বিভাগে ইয়াল্লো’এলাৰ্ট জাৰি কৰিছে(IMD forecasts heavy to very heavy rain)।

ইফালে বৰষুণৰ পৰিপ্ৰেক্ষিতত দেওবাৰে পূৱ ৰাজস্থানত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে ৰেড এলাৰ্ট। হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ আৰু হাৰিয়ানা আৰু দিল্লীত বৰষুণৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাবেও অ’ৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বিভাগে। এই আটাইকেইটা স্থানত আগন্তুক সময়ছোৱাত অতি প্ৰবল বৰষুণৰ সম্ভাৱনা আছে।

দেশজুৰি হোৱা প্ৰবল বৰষুণৰ মাজতে দেশৰ ভিন্ন প্ৰান্তত সংঘটিত হোৱা বহু শোকাৱহ ঘটনাৰ খবৰো পোহৰলৈ আহিছে। পঞ্জাৱৰ হোছিয়াৰপুৰৰ জয়জত ছৌটি পৰ্ছাটি নদীত এখন বাহন বাগৰি পৰাৰ ফলত একেটা পৰিয়ালৰ ৯ জন লোকৰ মৃত্যু হয়। খবৰ অনুসৰি, এই পৰিয়ালটো হিমাচল প্ৰদেশৰ উনাৰ পৰা পঞ্জাৱৰ এছ বি এছ নগৰলৈ এক বিবাহ অনুষ্ঠানত অংশ লোৱাৰ উদ্দেশ্যে ৰাওনা হৈছিল।

ৰাজস্থানৰ চাৰিখন জিলাত হাই এলাৰ্ট জাৰি। ৰাজ্যখনৰ ভিন্ন প্ৰান্তত হোৱা প্ৰচণ্ড বৰষুণত বৰ্তমান সময়লৈকে কেইবাজন লোকৰ প্ৰাণহানি। গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত চাৰিখন জিলাৰ সকলো বিদ্যালয় বন্ধৰ নিৰ্দেশ।

লগতে পঢ়ক : Jehanabad temple tragedy: জাহানাবাদৰ মখদুমপুৰস্থিত বাবা সিদ্ধনাথ মন্দিৰত পদপিষ্ট হৈ ৩ মহিলাসহ ৭গৰাকীৰ মৃত্যু