Manipur violence: অব্যাহত আছে মণিপুৰৰ হিংসাত্মক ঘটনা
নেশ্যনেল ডেস্ক, ৫আগষ্ট : অশান্ত মণিপুৰ ।শান্ত হোৱা নাই মণিপুৰৰ পৰিস্থিতি ।অব্য়াহত আছে মণিপুৰৰ হিংসাত্মক ঘটনা। মণিপুৰৰ বিষ্ণুপুৰ জিলাত সংঘটিত হৈছে আন এক হত্যাকাণ্ডৰ ঘটনা। পুনৰ ৩জন লোকক নৃশংসভাৱে হত্যা দুৰ্বৃত্তৰ।শুকুৰবাৰে মাজ নিশা এই ঘটনা সংঘটিত হয় যদিও শণিবাৰে পুৱাই আৰক্ষীয়ে জনাই এই কথা (Heavy firing in Manipurs Bishnupur after 3 killed in violence houses burnt) ।
জানিব পৰা মতে, শুকুৰবাৰে মাজ নিশাই দুৰ্বৃত্তই পিতা-পুত্ৰসহ ৩ জনলোকক গুলীয়াই হত্যা কৰে। এজন বৃদ্ধ আৰু তেওঁৰ পুত্ৰকে ধৰি তিনিজন লোকক হত্যা কৰে দুৰ্বৃত্তই (Three killed in fresh violence in Manipur) ।
শনিবাৰে পুৱা আৰক্ষীয়ে জনোৱা অনুসৰি,শুকুৰবাৰে নিশা তিনিজন লোকক শুই থকা অৱস্থাত গুলীয়াই হত্যা কৰে কোনো দুৰ্বৃত্তই আৰু তাৰ পিছত তৰোৱালেৰে আক্ৰমণ কৰে বুলিও জনাই আৰক্ষীয়ে ।
আৰক্ষীয়ে জনোৱা অনুসৰি, চুৰাচান্দপুৰৰ পৰা আহিছিল আক্ৰমণকাৰীসকল । দুৰ্বৃত্তই বন্দুক আৰু তৰোৱাল লৈ কোৱাকটা লামখাই গাঁৱত অভিযান চলাইছিল আৰু নিৰ্বিচাৰে গুলীচালনা কৰিছিল যাৰ ফলত তিনিজন লোক থিতাতে নিহত হয় (3 Killed In Fresh Violence In Manipur Attackers) ।
উগ্ৰপন্থীৰ দলে গাঁৱৰ দুজন লোকক অপহৰণ কৰিছে বুলি জানিব পৰা গৈছে যদিও এইক্ষেত্ৰত বৰ্তমানলৈ কোনো নিশ্চিতি তথ্য লাভ কৰা নাই । এই আক্ৰমণৰ ঘটনাৰ পিছতে গাঁওখনৰ বাসিন্দাসকল ভয়তে পলায়ন কৰে ।এই ভয়ংকৰ ঘটনাৰ পিছতে আৰক্ষী বাহিনীয়ে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত আৰু মৃতদেহ উদ্ধাৰ কৰে । জানিব পৰা মতে, নিহত লোককেইজন ক্ৰমে যুমনাম পিশাক মেইটেই (৬৭) আৰু তেওঁৰ পুত্ৰ যুমনাম প্ৰেমকুমাৰ মেইটেই (৩৯) আৰু চুবুৰীয়া যুমনাম জিতেন মেইটেই (৪৬) বুলি চিনাক্ত কৰা হৈছে (Three killed in fresh violence in Manipur) ।
মৃত তিনিজন লোক সাহায্য শিবিৰতে আছিল যদিও পৰিস্থিতি কিছু উন্নত হোৱাৰ বাবে শুকুৰবাৰে তেওঁলোকৰ ঘৰলৈ উভতি আহিছিল।এই ভয়ংকৰ ঘটনাৰ পাছতেই অঞ্চলজুৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যদিও নিৰাপত্তাৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে।
আৰক্ষীয়ে জনোৱা অনুসৰি, এই হত্যাকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পিছতে কোৱাকটাত জনতাই চুৰাচান্দপুৰ অভিমুখে যাবলৈ ওলাই কিন্তু নিৰাপত্তাৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰে । লগতে, বিষয়াসকলে জনায় যে , ফৌগাকচাও আৰু কোৱাক্টাৰৰ ওচৰ-পাজৰে উগ্ৰপন্থীৰ আৰু আৰক্ষী মাজত গুলীচালনা চলি আছে ।
ইয়াৰোপৰি ৰাজ্যখনৰ বহু অঞ্চলত নিৰাপত্তাৰক্ষী আৰু দুৰ্বৃত্তৰ মাজত গুলীচালনাৰ ঘটনা সংঘটিত হৈ আছে বুলি জানিব পৰা গৈছে।লগতে বহু অঞ্চলত জনতাৰ ঘৰ জ্বলাই দিয়াৰ খবৰো পোৱা গৈছে।মণিপুৰত আৰম্ভ হোৱা হিংসাত্মক ঘটনাই যেন শাম কটাৰ নাম লোৱা নাই।
লগতে পঢ়ক :Jammu and Kashmir: জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী অভিযান অব্যাহত