Local, Vocal, Global

Heatwave Claims Life of Daily Wager : ৰাজ্যত প্ৰচণ্ড গৰমৰ ফলত মৃত্যু এজনৰ

ৰঙিয়া,২৭জুলাই : উৎকট গৰমে দহিছে ৰাজ্যবাসীক । ৰাজ্যত অব্যাহত থকা গ্ৰীষ্মপ্ৰৱাহে প্ৰাণ ল’লে আৰু এজনৰ । ৰঙিয়াৰ বিছেন্নালা নিবাসী যোগেন কলিতাই প্ৰাণ হেৰুৱালে প্ৰচণ্ড গৰমত (Heatwave Claims Life of Daily Wager)।

জানিব পৰা মতে, দিন হাজিৰা কৰা ব্যক্তিজনে আন দিনাৰ দৰে শুকুৰবাৰেও কামলৈ ওলাই গৈছিল । উৎকট গৰমত দিনটো কাম কৰি ঘৰলৈ উভতি অহাৰ পাচত সন্ধিয়া পৰত গাটো বেয়া লাগিছে বুলি পৰিয়ালৰ লোকক জনায়(Heatwave Claims Life of Daily Wager in Rangia)।

সন্ধিয়া প্ৰায় ছয় বজাত হঠাৎ অচেতন হৈ ঢলি পৰে ব্যক্তিজন । পৰিয়ালৰ লোকে ততাতৈয়াকৈ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁক ভৰ্তি কৰে যদিও চিকিৎসকে ব‍্যক্তিগৰাকীক মৃত বুলি ঘোষণা কৰে । পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল যোগেন কলিতা ৷ লোকজনৰ মৃত্যু হোৱাত সৰগ ভাগি পৰিছে এতিয়া তেওঁৰ পৰিয়ালটোৰ মূৰত । ফলত দিশহাৰা হৈ পৰিছে মৃত যোগেন কলিতাৰ পত্নী, দুই কন্যা সন্তান আৰু এজন পুত্ৰই ৷

লগতে পঢ়ক : Japanese Encephalitis : কামপুৰত জাপানীজ এনকেফেলাইটিছৰ ভয়ংকৰ ৰূপ