Local, Vocal, Global

Heated situation in Rangia : নিশা ৰঙিয়া আৰক্ষী থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতি

নিউজ ডেস্ক,২৭ডিচেম্বৰ : নিশা ৰঙিয়া আৰক্ষী থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতি। ৰঙিয়া আৰক্ষী হায় হায় শ্লোগানেৰে উত্তাল ৰঙিয়াৰ ৰাজপথ।ন্যায় বিচাৰি ৰঙিয়া থানা ৰোড ব্লক কৰিলে ৰঙিয়াৰ দক্ষিণ বৰদলৰ লোকে।

বনভোজথলীৰ কাজিয়াই চৰম পৰ্যায় পালে ৰঙিয়াত।বুধবাৰৰ পৰা কোনো সন্ধান নাই ধৰ্মেন্দ্ৰ নাথৰ।লগতে কাজিয়াৰ বাবেই আন এজন যুৱকো আহত ।

বনভোজথলীত কাজিয়া।কাজিয়াৰে পৰা সন্ধান নাই ধৰ্মেন্দ্ৰ নাথৰ।লগতে কাজিয়াত আহত হয় আন এজন যুৱক ।সাধাৰণ কথাৰ কাৰণেই যুৱকজনক প্ৰহাৰ কৰাৰ অভিযোগ।বুধবাৰৰ পৰা বৰ্তমানলৈ সন্ধান নাই ধৰ্মেন্দ্ৰ নাথ নামৰ এজন ২১ বছৰীয়া যুৱকৰ।

ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীক ইতিমধ্যে এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে।কিন্তু আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গুৰুত্ব নিদিয়াৰ অভিযোগ ধৰ্মেন্দ্ৰৰ আত্নীয়ৰ(Heated situation in Rangia)।

ঘটনা অনুসৰি, খৈৰাবাৰীৰ মালধাপাৰা আশ্ৰমত বনভোজ খাবলৈ গৈছিল ধৰ্মেন্দ্ৰ নাথ।চাৰিচকীয়া বাহনত খুন্দা মাৰিছিল হেনো ধৰ্মেন্দ্ৰই।তাৰ পাছতে হৈছিল কাজিয়াৰ সূত্ৰপাত।তেতিয়াৰে পৰা সন্ধানহীন যুৱকজন।

ইফালে পৰিয়ালৰ লোকে এজাহাৰত উল্লেখ কৰা অনুসৰি গাড়ীখনত হোৱা ক্ষতিৰ বাবদ ইতিমধ্যেই ধন লৈছে অভিযুক্তই ধৰ্মেন্দ্ৰ নাথৰ পৰিয়ালৰ পৰা।

জানিব পৰা মতে অভিযুক্ত হিমাংশু কাকতি বিজেপিৰ এজন সক্ৰিয় কৰ্মী।এতিয়া প্ৰশ্ন হয় আজি তিনিদিন উকলি যোৱাৰ পিছতো সন্ধানহীন যুৱকজন।

এতিয়া প্ৰশ্ন হয় কিয় নিৰব ভুমিকা পালন কৰি আছে ৰঙিয়া আৰক্ষী? অভিযুক্তক কিয় এতিয়ালৈকে আটক কৰা নাই আৰক্ষীয়ে ?

লগতে পঢ়ক :Kaliabor News : জখলাবন্ধাত সুৰাপায়ী চালকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান