Heated situation in Mayang : গৰু চুৰিক কেন্দ্ৰ কৰি মায়ঙৰ তেতেলিগুৰিত উত্তপ্ত পৰিস্থিতি

নিউজ ডেস্ক,২০অক্টোবৰ : মায়ঙৰ তেতেলিগুৰিত ভয়ংকৰ ঘটনা। গৰু চুৰিৰ সন্দেহত ৰাইজে জ্বলাই দিলে বাহন। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চেপা উত্তজনা।
অভিযোগ অনুসৰি, জহুৰ আলী নামৰ এজন লোকে এখন বাহনৰ সৈতে গৰু চুৰি কৰিবলৈ গৈছিল। সেই সময়তে ৰাইজে জহুৰ আলীক আটক কৰে আৰু উত্তেজিত ৰাইজে জহুৰ আলীক উত্তম মাধ্যম দি এটা ঘৰত আবদ্ধ কৰি ৰাখে(Heated situation in Mayang)।
ইফালে আন এক খবৰ অনুসৰি আকৌ ৰাইজে প্ৰথমে গৰু চুৰিৰ অভিযোগত AS 01 RC 7551নম্বৰৰ এখন বাহন জব্দ কৰি উত্তেজিত হৈ জ্বলাই দিয়ে। ইয়াৰ পাছতে জহুৰ আলীয়ে কিয় বাহনখন জ্বলাই দিয়ে বুলি প্ৰশ্ন কৰিবলৈ যায়।
তাৰ পাছতেই উত্তেজিত ৰাইজ জহুৰ আলীক গৰু চোৰৰ সন্দেহত আটক কৰি প্ৰহাৰ কৰে। অৱশ্যে পৰৱৰ্তী সময়ত ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ জহুৰ আলীক উদ্ধাৰ কৰি আটক কৰে।
সমান্তৰালকৈ জ্বলাই দিয়া বাহনখনো উদ্ধাৰ কৰি আনি জব্দ কৰে। এই ঘটনাক লৈ এতিয়া সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে।
লগতে পঢ়ক :Jamugurihat farmers are busy in paddy cultivation :জামুগুৰিহাটত সোণগুটি চপোৱাত ব্যস্ত কৃষক ৰাইজ