Heated situation in Jorhat:চাৰি ছাত্ৰই চোকা অস্ত্ৰৰ আক্ৰমণ কৰিলৈ বয়োজেষ্ঠ ব্যক্তিক;কিন্তু কিয় ?
যোৰহাট,২৮ডিচেম্বৰ : পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত গুৱাল গাঁৱত ভয়ংকৰ ঘটনা ।
চোকা অস্ত্ৰৰ আক্ৰমণৰ বলি কাম কৰি ঘৰলৈ উভতি অহা বয়োজেষ্ঠ ব্যক্তি।
উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ আৰু দ্বিতীয় বৰ্ষৰ চাৰিজন ছাত্ৰই মিলি কৰিলে এই ভয়ংকৰ মাৰপিতৰ ঘটনা ।
ঘটনাৰ ২১ডিচেম্বৰ নিশা ৮বজাৰ।চাৰিজন উদণ্ড ছাত্ৰয়ে আগভেটি ধৰি বিনোদ বৰা নামৰ এজন ব্যক্তিক আক্ৰমণ কৰে। চাৰি ছাত্ৰৰ চোকা অস্ত্ৰৰ আক্ৰমণৰ বলি বিনোদ বৰা নামৰ ব্যক্তিজনৰ মূৰত আৰু ভৰিত গুৰুতৰ আঘাতপ্ৰাপ্ত হয়(Heated situation in Jorhat)।
তাৰ পিছতেই চাৰি যুৱকৰ বিৰুদ্ধে পুলিবৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে বিনোদ বৰা পত্নীয়ে ।
ঘটনা সন্দৰ্ভত বিনোদ বৰা পত্নীয়ে পুলিবৰ আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ উত্থাপন কৰি শুকুৰবাৰে যোৰহাট আৰক্ষী অধীক্ষকৰ কাষ চাপিছে বুলি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে ।
বৰ্তমান আঘাতপ্ৰাপ্ত বিনোদ বৰা চিকিৎসাধীন ।
সমগ্ৰ ঘটনাৰ বিষয়ে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব প্ৰকৃত ঘটনা ৰহস্য কি?
লগতে পঢ়ক :Drugs peddler arrested along with drugs:মঙলদৈত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজনক