গেৰুকামুখ জলবিদ্যুত প্ৰকল্পৰ মূল বান্ধত উত্তপ্ত পৰিস্থিতি

নিউজ ডেস্ক, ১৭ মাৰ্চ : গেৰুকামুখত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। বৃহস্পতিবাৰে পুৱাৰ ভাগত নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ মূল বান্ধত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। এই ঘটনা মূল বান্ধৰ ৭ নম্বৰ ব্লকত সংঘটিত হয়।
খবৰ অনুসৰি, ৭ নম্বৰ বান্ধত যিসকল শ্ৰমিকে কাম কৰে সেইসকল শ্ৰমিকে ঘৰলৈ উভতি যোৱাৰ সময়ত অসুস্থ হৈ পৰাৰ অভিযোগ উত্থাপিত হৈছিল । বিগত সময়ছোৱাত বহু কেইগৰাকী শ্ৰমিক তেনেধৰণে অসুস্থ হৈ পৰিছিল । এনে পৰিস্থিতিত শ্ৰমিকসকলে অন্ধবিশ্বাসৰ বলি হৈ ৭ নম্বৰ ব্লকত কাম কৰাৰ বাবেই তেওঁলোক অসুস্থ হৈ পৰে বুলি অনুমান কৰে।
তাৰ পিছত বৃহস্পতিবাৰে পুৱাৰ ভাগত দৌল উৎসৱ উপলক্ষে বহিঃৰাজ্যৰ শ্ৰমিকে ৭ নম্বৰ ব্লকত অনুষ্ঠিত কৰা হয় পূজা-পাতলৰ। এই পূজা পাতলৰ দৃশ্য দেখি স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে আৰু পূজাস্থলীত উত্তেজিত পৰিস্থিতিৰ সৃষ্টি কৰে। স্থানীয় শ্ৰমিকসকলে বহিঃৰাজ্যৰ পূজা কৰা শ্ৰমিকসকলক মাৰধৰ কৰাৰ লগতে একাংশ শ্ৰমিকে অন্ধবিশ্বাসত কণ্টেইনাৰ এখন জ্বলাই দিয়ে। খবৰ অনুসৰি, জ্বলাই দিয়া কনটেইনাখনত একাংশ শ্ৰমিকে পূজা পাতল কৰি আছিল। অন্ধবিশ্বাসেই NHPC শ্ৰমিকৰ মাজত প্ৰচণ্ড মাৰপিট সংঘটিত হোৱাৰ মূল কাৰণ বুলি জানিব পৰা গৈছে।