WATCH | Heated situation: এগৰাকী ছাত্ৰক ৰডেৰে গুৰুলা গুৰুলকৈ প্ৰহাৰ প্ৰধান শিক্ষকৰ
বিলাসীপাৰা,৬মাৰ্চ : বিলাসীপাৰাত এখন হাইস্কুলত উত্তপ্ত পৰিস্থিতি। বিদ্যালয় খনৰ প্ৰধান শিক্ষকে এগৰাকী ছাত্ৰক ৰডেৰে গুৰুলা গুৰুৰ কৈ প্ৰহাৰ কৰাৰ বাবে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। প্ৰধান শিক্ষকৰ প্ৰহাৰত চিকিৎসালয়ত ভৰ্তি এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰ। ফুটকিবাৰী হাইস্কুলত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো।
বিদ্যালয় খনত ছাত্ৰ ছাত্ৰীৰ অভিভাৱক আৰু বিদ্যালয় ছাত্ৰী ছাত্ৰীৰ পৰিচালনা সমিতিৰ লগতে বিভিন্ন দল সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে(Heated situation)।
বিদ্যালয়ত চৌহদত ছাত্ৰ ছাত্ৰীয়ে প্ৰধান শিক্ষক জয়ন্ত ৰায়ক, শাস্তি দিয়ক, প্ৰধান শিক্ষকক বদলি কৰক এনেকুৱা শিক্ষক আমাক নালাগে আদি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
ঘটনাস্থলীত ৰাণীগঞ্জ আৰক্ষী চকীৰ আৰক্ষীৰ দল উপস্থিত হৈ বিদ্যালয় খনৰ প্ৰধান শিক্ষক জয়ন্ত ৰায়ক আটক কৰি আৰক্ষী চকীলৈ লৈ যায়। পিছত ঘটনাস্থলীত বিলাসীপাৰা শিক্ষা বিষয়া উপস্থিত হৈ প্ৰধান শিক্ষক জয়ন্ত ৰায়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমাক জানিবলৈ দিয়ে।
এয়াৰ পূৰ্বেও বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী বেয়া কৈ প্ৰহাৰ কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া আছিল। পৰৱৰ্তী সময়ত ভুক্তভোগী আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে এজাহাৰ দাখিল কৰিব বুলি আমাক জানিবলৈ দিয়ে।
লগতে পঢ়ক : WATCH | Hajo News: হাজোত পুঠিমাৰী নদীত গৰাখহনীয়া ৰোধৰ চেষ্টা ২নং শৌলমাৰী ৰাইজৰ