Local, Vocal, Global

WATCH | Heated situation: লুইতপৰীয়া মহাবিদ্যালয়ত ছাত্ৰৰ মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা

নগৰবেৰা,২৭ফেব্ৰুৱাৰী : বৰপেটা জিলাৰ চেঙা সমষ্টিৰ লুইতপৰীয়া মহাবিদ্যালয়ত নিশা সংঘটিত হয় ভয়ংকৰ মাৰপিটৰ ঘটনা । মহাবিদ্যালয় সপ্তাহৰ সামৰণি অনুষ্ঠানত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানক লৈ দুই দল ছাত্ৰৰ মাজত সংঘটিত ভয়ংকৰ মাৰপিটৰ ঘটনা। মাৰপিটত কেইবাজনো ছাত্ৰ আহত হৈছে(Heated situation)।

অভিযোগ অনুসৰি, মহাবিদ্যালয়ৰ একাংশ ছাত্ৰই বাট আগুচি ধৰি কেইবাজন ছাত্ৰক বেয়াকৈ মাৰপিট কৰে। এই ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

পিছত ঘটনাস্থলীত আলোপতি চৰ আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আহত একাংশ ছাত্ৰক আলোপতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰায় । এই ভয়ংকৰ মাৰপিটৰ ঘটনাই এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে অঞ্চলটোত।

লগতে পঢ়ক:WATCH | Maha Shivratri: ৰঙিয়াত নিৰ্মাণ কৰি উলিওৱা হৈছে ২৫উচ্চতাৰ শিৱলিংগ