Heated situation:তেল চুৰিক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা
ধুবুৰী,৮ফেব্ৰুৱাৰী : ধুবুৰী পোকামাৰীত দুই ফৈদৰ মাজত মাৰপিটৰ ঘটনা। কেমেৰাত বন্ধী সমগ্ৰ দৃশ্য ৷
এই ভয়ংকৰ মাৰপিটত সুজাব আলী নামৰ এজন লোকে প্ৰাণ হেৰুৱাই ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শূন্য লৈ গুলিচালনা কৰিবলৈ বাধ্য হয় আৰক্ষীয়ে ৷
ধুবুৰীৰ ভাষানিৰ চৰ গাওঁ পঞ্চায়তৰ পোকামাৰীত তেল চুৰিৰ ঘটনাই ভয়ংকৰ ৰূপ লয় ৷ তেল চুৰিক কেন্দ্ৰ কৰি সংঘটিত হয় ভয়ংকৰ মাৰপিটৰ ঘটনা(Heated situation)।
এই মাৰপিটত এজন লোক থিতাতে নিহত হয় । আৰু দুয়োটা পক্ষৰ বহুকেইজন লোক আহত হয় । আহত ব্যক্তি সকলক ধুবুৰী মেডিকেল কলেজত ভৰ্তি কৰা হয়। ঘটনাস্থলীত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্য লৈ গুলিচালনা কৰে ৷এই ঘটনাৰ পিছতে নিশাই একাংশ লোকৰ ঘৰৰ পৰা গৰু আৰু ঘৰৰ আচবাব চুৰি কৰাৰো অভিযোগ । ইতিমধ্যে ধুবুৰী আৰক্ষীয়ে ৰসিদ নামৰ এজন লোকক আটক কৰিছে বুলি জানিব পৰা গৈছে । বৰ্তমানে গোটেই অঞ্চলজুৰি চেপা উক্তেজনা বিৰাজ কৰি আছে । সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।