WATCH | Heated situation : ৰঙাপৰাত বাহন ভঙাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি
জামুগুৰিহাট,১৬জুন : ৰঙাপৰাত বাহন ভঙাক কেন্দ্ৰ কৰি নিশা উত্তপ্ত পৰিস্থিতি। এখন ব্যক্তিগত বাহন কোনো দুৰ্বৃত্তই ভঙাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।
বৰ্তমান ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত এজন লোকক আৰক্ষীয়ে আটক কৰি মিছামাৰী আৰক্ষী থানালৈ লৈ যায়(Heated situation)।
একাংশ বিহাৰী সম্প্ৰদায়ৰ লোকে অসমীয়া জাতিক লৈ বিতৰ্কিত মন্তব্য কৰাৰ দিনৰে পৰা স্থানীয় অসমীয়া যুৱ সমাজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈ আছিল। তেনে সময়তে নিশা কোনো দুৰ্বৃত্তই AS-12-AJ-1861 নম্বৰৰ থাৰ বাহন খনত শিলগুটি নিক্ষেপ কৰি ক্ষতি সাধন কৰা ফলত জ্বলা জুইত ঘিউ ঢালি দিয়া লেখিয়া হৈ পৰে। ইয়াৰ উপৰিও দুৰ্বৃত্তই AS-12- AL-4988 নম্বৰৰ আন এখন গাড়ীও ক্ষতিসাধন কৰে ৷ অসমীয়া জাতিক লৈ বিতৰ্কিত মন্তব্য কৰা আৰু দুখনকৈ গাড়ী ক্ষতিসাধন কৰাৰ পিছতেই তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ৷
ৰঙাপৰাত যাতে জাতিগত সংঘাত নহয় তাৰে প্ৰতি লক্ষ্য ৰাখি ৰঙাপৰা চহৰত ঠেলামৰা, মিছামাৰী, চাৰিদুৱাৰৰ আৰক্ষী জোৱানৰ লগতে অৰ্দ্ধ সামৰিক বাহিনীৰ এটা দল উপস্থিত হৈ নিৰাপত্তা ব্যৱস্থা আৰু কটকটীয়াকৈ তোলে। ক্ষুব্ধ যুৱকসকলে ন্যায় বিচাৰি ৰঙাপৰা থানাত উপস্থিত হয়। ৰঙাপৰাৰ ঘটনাৰ বুজ ল’বলৈ নিশাই জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰিমা দাস আৰু চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া (দণ্ডাধীশ) ডাঃ ক্ষীৰোদ কমল হাজৰিকা উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷