WATCH | Heated situation : নিশা লামডিঙত উত্তপ্ত পৰিস্থিতি
লামডিং,১৪মে’ : নিশা লামডিঙত উত্তপ্ত পৰিস্থিতি ৷
উত্তৰ লামডিং লংকা ৰ’ডত নিশা উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷
ৰয়েল ব্লু নামৰ এখনি অবৈধ সুৰাৰ বিপনীক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তেজনাৰ ৷
অবৈধ সুৰাৰ বিপনীখনত ড্ৰাগছ বিক্ৰী কৰাৰ গুৰুত্বৰ অভিযোগ একাংশ ৰাইজৰ ৷
অবৈধ সুৰাৰ বিপনীখনৰ স্বত্ত্বাধিকাৰীয়ে দুজন যুৱকক বান্ধি মাৰপিট কৰাৰ অভিযোগ(Heated situation)৷
৩০০-৪০০ টকাৰ বিনিময়ত সৰু সৰু যুৱক সকলক ড্ৰাগছৰ গৰাহলৈ ঠেলি দিয়াৰ অভিযোগ উত্থাপন হৈছে ৰয়েল ব্লু নামৰ প্ৰতিষ্ঠানখন স্বত্ত্বাধিকাৰীৰ ওপৰত ৷
ভূক্তভুগী যুৱকদ্বয় সুজিত চৰকাৰ আৰু ৰাহুলৰ পৰিয়ালবৰ্গই ব্যৱসায়ীক প্ৰতিষ্ঠানখনত উপস্থিত হৈ যুৱকদ্বয়ৰ উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়েও ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷