Local, Vocal, Global

WATCH | Heated situation : গেৰিমাৰীত ভোটদান প্ৰক্ৰিয়া চলি থকাৰ মাজতে নিৰ্বাচনী হিংসা

মঙলদৈ,৮মে’ : গেৰিমাৰীত উত্তপ্ত পৰিস্থিতি। মঙলদৈ ৭ নং মোৱামাৰি জিলা পৰিষদ সমষ্টিত শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ ভোটদান প্ৰক্ৰিয়া চলি থকাৰ মাজতে সংঘটিত হয় নিৰ্বাচনী হিংসা।

বিজেপিৰ গুণ্ডামী চলিছে পঞ্চায়ত নিৰ্বাচনত । নিৰ্বাচনী নিয়ম ভংগ কৰি বিজেপিৰ সভাপতি মুকুন্দ্ৰ ডেকাৰ গুণ্ডামী(Heated situation)।

ভোটদান প্ৰক্ৰিয়া চলি থকাৰ মাজতে ৪,৩০ বজাৰ পাছত নিয়ম অনুসৰি ভোটকেন্দ্ৰৰ গেট বন্ধ কৰি দিয়ে। গেৰিমাৰী নিউ টাউন প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰটোত, গেট বন্ধ কৰি দিয়াৰ পাছত ৰাইজ লগতে ৭ নং মোৱামাৰি জিলা পৰিষদ সমষ্টি কংগ্ৰেছ প্ৰাথী মুক্তা দেৱীৰ ইলেকচন এজেন্ট নিৰমল মণ্ডোলক ভোটকেন্দ্ৰটোৰ ভিতৰলৈ সোমাৱাত বাধা প্ৰদান কৰে।

কিন্তু, বিজেপিৰ সভাপতি মুকুন্দ্ৰ ডেকাই ভোট কেন্দ্ৰটোত অনাধিকাৰ প্ৰৱেশ কৰে।

মুকুন্দ্ৰ ডেকাৰ এনে কাণ্ডত ভোটকেন্দ্ৰটোৰ, গেটৰ বাহিৰত থকা ৰাইজ ক্ষোভিত হোৱাৰ লগতে ভোট গ্ৰহণ কেন্দ্ৰতোট অপ্ৰীতিকৰ পৰিস্থিতিয়ে বিৰাজ কৰে । পৰিস্থিতি ইমান এ বেয়া হয় যে দৰং বিজেপিৰ সভাপতি মুকুন্দ্ৰ ডেকাৰ প্ৰৱেশ কৰাক লৈ ৰাইজ জাঙুৰ খাই উঠে।

কিন্তু ইয়াৰ পাছতে বিজেপিৰ সভাপতি মুকুন্দ্ৰ ডেকাই কংগ্ৰেছ প্ৰাথী মুক্তা দেৱীৰ ইলেকচন এজেন্ট নিৰমল মণ্ডলৰ বিৰুদ্ধে চোকা অস্ত্ৰৰে আঘাত কৰা মিছা অভিযোগ আনে। শুনক নিৰমল মণ্ডোলৰ মুখেৰে সেই ভাষ্য।

লগতে পঢ়ক: WATCH | Mrinal Saikia : ‘OPERATION SINDOOR,আছিল ভদ্ৰ যুদ্ধ’