Local, Vocal, Global

WATCH | Heated situation : ৰঙাপৰাৰ পগলাবিল গাঁৱত গৰুক কেন্দ্ৰ উত্তপ্ত পৰিস্থিতি

জামুগুৰিহাট,২৯এপ্ৰিল : শোণিতপুৰৰ ৰঙাপৰাৰ পগলাবিল গাঁৱত উত্তপ্ত পৰিস্থিতি। নতুন ঘটুৱা গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক কুন্দন বড়োক চোকা অস্ত্ৰৰে জোনাৱ আলি নামৰ লোকজনে আক্ৰমণ কৰাৰ ঘটনাক লৈ গাঁওখনত সৃষ্টি হয় তীব্ৰ উত্তেজনা। অভিযুক্ত ঘৰ ভাঙি পেলায় ক্ষুব্ধ ৰাইজে(Heated situation)।

জানিব পৰা মতে, গাঁৱৰক্ষী বাহিনীৰ সম্পাদক কুন্দন বড়োৰ এৰাল দিয়া গৰু জোনাব আলিৰ বাৰীত সোমাইছিল ৷ গৰু বান্ধি থৈ টকাৰ দাবী কৰিছিল ৷ পাছত গৰু আনিবলৈ যোৱাৰ সময়ত দুয়োৰে মাজত তৰ্ক বিতৰ্ক হয় ৷ জোনাব আলিয়ে চোকা অস্ত্ৰৰে অক্ৰমন কৰে ৷ গুৰুতৰ ভাৱে আহত কুন্দন বড়োক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ ইয়াৰ পাছত ৰাইজ উত্তেজিত হৈ পৰে ৷ ঘটনাস্থলীত ৰঙাপৰা আৰক্ষী এটি দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

লগতে পঢ়ক : WATCH | Jamugurihat News : ৰঙাপৰাত প্ৰাক্তন আটছা নেতাৰ বাইক ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ