WATCH | Heated situation: ছিপাঝাৰৰ পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অঘটন
ছিপাঝাৰ,৩০মাৰ্চ : ছিপাঝাৰৰ পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অঘটন। দুৰ্ঘটনাত পতিত লোকৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি। মৃতকৰ পৰিয়ালৰ লোকে স্বাস্থ্য কৰ্মীক মাৰপিট কৰাৰ অভিযোগ ।
ঘটনাস্থলীত উপস্থিত আৰক্ষী। স্বাস্থ্যকৰ্মীক মাৰপিটৰ অভিযোগত আটক এজন।
ঘটনা অনুসৰি, আজি খটৰাৰ ধনপতি কলিতা নামৰ লোক এজনক নিজ বাসগৃহতে পৰি গুৰুতৰ ভাৱে আহত হয়। লগে লগে পৰিয়ালৰ লোকে পাথৰিঘাট খণ্ড স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও ক্ষন্তেক পাছতে মৃত্যু হয় আহত ধনপতি কলিতাৰ। ইফালে সময়মতে চিকিৎসা নোপোৱা বাবে লোকজনৰ মৃত্যু হোৱা বুলি মৃতকৰ এগৰাকী পুত্ৰই দুই চিকিৎসাকৰ্মীক কৰে মাৰধৰ(Heated situation)।
ইয়াৰ পাছতে ঘটনাস্থলীত পাথৰিঘাট আৰক্ষী চকীৰ এটা দল উপস্থিত হৈ আটক কৰে চিকিৎসাকৰ্মীক মাৰপিট কৰা মৃতকৰ বৰপুত্ৰ কৌশিক ৰাজ কলিতাক। ইতিমধ্যে ঘটনাস্থলীত ছিপাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।
লগতে পঢ়ক : WATCH | Gaurav Gogoi : ‘এপেক্স বেংকৰ সাসহ আছে যদি নিৰপেক্ষ তদন্ত দিয়ক’