Heat wave alart in bihar : উত্তৰ প্ৰদেশত গৰমত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি
নেশ্যনেল ডেস্ক, ১৮ জুন : এফালে অমসত বানপানী আৰু বৰষুণৰ প্ৰকোপ আনফালে উত্তৰ প্ৰদেশ আৰু বিহাৰত অত্যধিক গ্ৰীষ্ম প্ৰবাহৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে(Heat wave alart in bihar) । বিগত কিছুদিন ধৰি তীব্ৰ গৰমে দহিছে উত্তৰ ভাৰত । যাৰ ফলত ৰাজ্য দুখনৰ অধিকাংশ ষাঠিৰ উৰ্দ্ধৰ লোকৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাৰ বাবে চিকিত্সালয়ত ভৰ্তি কৰিবলগীয়া হৈছে।
ইপিনে, বিগত কেইদিন ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ ১৩খনকৈ জিলাত বানপানীৰ সৃষ্টি কৰিছে । ৰাজ্যখনৰ বিভিন্ন স্থানত বানৰ বাবে ৰাইজে আশ্ৰয় শিৱিৰত কটাবলগীয়া হৈছে ।
প্ৰশাসনৰ সূত্ৰ অনুসৰি, যোৱা ৩ দিনত উত্তৰ প্ৰদেশ আৰু বিহাৰত তীব্ৰ গৰমৰ বাবে মুঠ ৯৮ জন লোকে প্ৰাণ হেৰুৱাইছে । ইয়াৰে ৫৪জন উত্তৰ প্ৰদেশৰ আৰু ৪৪জন বিহাৰৰ ।
উত্তৰ প্ৰদেশৰ বালিয়া জিলা চিকিত্সালয়ত যোৱা ৩ দিনত ৪০০ৰো অধিক লোক গুৰুতৰভাৱে অসুস্থ হৈ চিকিত্সালয়ত ভৰ্তি হৈ আছে । অধিকাংশ লোকেই জ্বৰ, উশাহ লোৱাত কষ্টৰ দৰে সমস্যাৰ সন্মুখীন হৈছে (Uttar Pradesh heatwave)। ইয়াৰে ৫৪ জনৰ বিগত তিনিদিনত মৃত্যু হৈছে । বেছিভাগেই হাৰ্ট এটেক, ষ্ট্ৰোক আৰু ডায়েৰিয়াত মৃত্যুবৰণ কৰে ।
বতৰ বিজ্ঞান কেন্দ্ৰৰ অনুসৰি , বালিয়া জিলাৰ তাপমাত্ৰা বিগত কিছুদিন ধৰি ৪২ ডিগ্ৰী চেলছিয়াছৰ ওপৰত আছে ।
আনহাতে, বিহাৰত বিগত ২৪ ঘন্টাত ৪৪ জন লোকে প্ৰাণ হেৰুৱাইছে । ইয়াৰে ৩৫জন পাটনাৰ বাসিন্দা আছিল । বাকী ৯ গৰাকী অন্য জিলাৰ।
মৌচম ভৱনৰ তথ্য অনুসৰি, শনিবাৰে বিহাৰৰ ১১খন জিলাত সৰ্বোচ্চ তাপমাত্ৰা আছিল ৪৪ ডিগ্ৰী চেলছিয়াছ । আনহাতে, পাটনাত তাপমাত্ৰা প্ৰায় ৪৫ ডিগ্ৰী চেলছিয়াছ আছিল ।