Heartthrob Zubeen Garg reveals of shifting his residential address : কাহিলীপাৰাৰ পৰিৱৰ্তে খাৰঘুলি হ’ব হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ নতুন ঠিকনা

নিউজ ডেস্ক,১৯অক্টোবৰ : সলনি হ’ব হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ঠিকনা । গুৱাহাটীৰ কাহিলীপাৰাৰ পৰিৱৰ্তে এতিয়াৰে পৰা খাৰঘুলি হ’ব হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ নতুন ঠিকনা।
জুবিনে খাৰঘুলিত বাসগৃহ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে(Heartthrob Zubeen Garg reveals of shifting his residential address) ৷
শুকুৰবাৰে নিশা বোন্দা চপাইদাঙত এক সংগীতানুষ্ঠানত উপস্থিত হৈছিল জুবিন গাৰ্গ।
বোন্দা চপাইদাঙ লক্ষ্মী পূজাৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানৰ মঞ্চত হঠাৎ জুবিনে অনুৰাগীক উদ্দেশ্যি ক’লে ‘মই নতুনকৈ ঘৰ বনালো। মই আৰু কাহিলীপাৰাত নাথাকো। মোক লগ কৰিবলৈ আহিলে এতিয়া নতুন ঘৰলৈ আহিব লাগিব?’
লগতে পঢ়ক :Unidentified Body Found in Goalpara : দলঙৰ তলত পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ অচিনাক্ত যুৱকৰ মৃতদেহ