Local, Vocal, Global

WATCH | Health Tips : গৰমৰ বাবে শৰীৰত ঘামচি দেখা দিছে নেকি? ঘামচিৰ পৰা পৰিত্ৰাণ পাবলৈ মানি চলক এইসমূহ ঘৰুৱা উপায়

এতিয়া গ্ৰীষ্মৰ সময়। অত্যাধিক গৰমৰ এই সময়ত আমাৰ দেহত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে। গৰমৰ দিনত ছাল সম্পৰ্কীয় বহুতো সমস্যাই বহুতকে অশান্তি দিয়ে।কিন্তু এই সমস্যাসমূহৰ মাজত এনে এক সমস্যা আছে যি যিকোনো প্ৰকাৰৰ ছাল বা যিকোনো বয়সৰ ব্যক্তিৰ ক্ষেত্ৰতেই হ’ব পাৰে,এইটো হৈছে গৰমৰ দিনত ঘামচিৰ সমস্যা।

গৰমৰ দিনকেইটাত বলি থকা বতাহত উৰি ফুৰে বিভিন্ন ধৰণৰ বেমাৰৰ বীজাণু ৷ অত্যাধিক সংবেদনশীল ছালৰ মানুহৰ বাবে ঘামচি হৈ পৰে মাৰাত্মক৷ ঘামচিৰ ফলত হোৱা ঘাঁবোৰে ছালৰ বাবে অধিক সমস্যাৰ সৃষ্টি কৰে। কিন্তু এই সময়চোৱাত কিছু নীতি নিয়ম মানি চলিলে ঘামচি সমস্যাৰ পৰা আতৰি থাকিব পাৰি।

গ্ৰীষ্মকালত পৰ্যাপ্ত পৰিমাণৰ পানী সেৱন কৰিব লাগে। গ্ৰীষ্মকালত মানুহ বেছিকৈ ঘাম ওলায় কিন্তু আমাৰ চৌপাশৰ প্ৰদূষণ, ধুলি-মাটি, মৃত ছালৰ কোষ বা যিকোনো বেক্টেৰিয়াৰ প্ৰভাৱৰ বাবে বহু সময়ত ঘাম গ্ৰন্থিবোৰৰ মুখ বন্ধ হৈ যায়। যাৰ ফলত ঘাম ছালৰ বাহিৰলৈ ওলাব নোৱাৰা হয় যি পিছলৈ সৰু সৰু ৰঙা গুটি হিচাপে ওলাবলৈ আৰম্ভ কৰে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ গৰমৰ দিনতচাফ চিকুণকৈ থকাৰউপৰিও দিনত তিনিবাৰকৈ গা ধুৱ লাগে(Health Tips)।

আমাৰ খাদ্যৰ ওপৰতো যতন লগ লাগে। নেমু, শাক, পাচলি, নাৰিকলৰ ডাব, তৰমুজ আদি খোৱাটো ভাল। এনেসমূহ সাধাৰণ নিয়ম মানি চলিলে ঘামচিয়ে আপোনাক আক্ৰমণ কৰিব নোৱাৰে। ঘামচি দেখা দিলেফেনচলাই নতুবা আন উপায়েৰে ছালখন ঠাণ্ডা কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। এলোভেৰাৰ ব্যৱহাৰে ঘামচিৰ সমস্যাত যথেষ্ট লাভালাভ প্ৰদান কৰে।

গ্ৰীষ্মকালত দৈনিক ১৫ ৰ পৰা ২৫ মিনিটৰ বাবে এলোভেৰা জেল ঘামচি হোৱা স্থানত সানি ধুই দিলে যথেষ্ট সকাহ পোৱা যায়৷পাতল, ঢিলা আৰু এনে কাপোৰ পিন্ধিব যিয়ে ঘাম শুহি লব পাৰে৷ শৰীৰৰ প্ৰতিটো অংশ সতেজ বতাহৰ সংস্পৰ্শলৈ আহিব পৰা কাপোৰ পিন্ধিব লাগে। এনেসমূহ সহজ সুলভ নিয়মৰ যোগেদি ঘামচিৰ পৰা পাব পাৰে পৰিত্ৰাণ।

লগতে পঢ়ক : WATCH | Healths Tips : আপোনাৰ মাহেকীয়া সময়ছোৱাত পেটৰ বিষ হয় নেকি ?