Local, Vocal, Global

WATCH | Health Tips : আজি জানি লওক কি খাদ্য় গ্ৰহণ কৰিলে আপোনাৰ শৰীৰৰ ভিটামিন ডিৰ অভাৱ দূৰ হ’ব

নিউজ ডেস্ক,৩এপ্ৰিল : মানৱ শৰীৰক সুস্থ আৰু সবল কৰি ৰাখিবলৈ উপযুক্ত পুষ্টি লাভ কৰাটো অতি প্রয়োজনীয়। সঠিক পুষ্টিৰ বাবে সুষম পৰিমাণৰ প্ৰটিন, কেলচিয়াম, ভিটামিন, খনিজ পদার্থ, কার্বহাইড্রেট আৰু চৰি গুৰুত্বপূর্ণ। ইয়াৰ উপৰিও এনে কিছুমান পুষ্টিকৰ উপাদান আছে যিবোৰ আমি কেৱল খাদ্যৰ জৰিয়তে নহয়, সূৰ্য্যৰ ৰশ্মিৰ দ্বাৰাও পাওঁ।

আমি ভিটামিন ডিৰ কথা কৈছোঁ। আজিকালি বহু কাৰণত শৰীৰে পৰ্যাপ্ত পৰিমাণে ভিটামিন ডি নাপায়। ভিটামিন ডিৰ অভাৱৰ বাবে শৰীৰত কেলচিয়াম সঠিকভারে শোষণ নহয় আৰু হাড় দুৰ্বল হৈ পৰে। ইয়াৰ বাবে গাঁঠিৰ বিষো হ’ব পাৰে। ভিটামিন ডিৰ অভাৱত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু ৰক্তচাপতো প্রভার পৰিব পাৰে।

বৰষুণৰ দিনত সূৰ্যৰ পোহৰৰ অভাৱৰ বাবে সূৰ্যৰ ৰশ্মিৰ জৰিয়তে ভিটামিন ডি পোৱাৰ সম্ভাৱনা কিছু কমি যায়। গতিকে আমি আপোনালোকক কিছুমান খাদ্যৰ বিষয়ে জনাইছো যিবোৰত ভিটামিন ডি থাকে। যদি আপুনি আপোনাৰ শৰীৰত ভিটামিন ডিৰ অভাৱ হোৱাটো নিবিচাৰে, তেন্তে ইয়াক আপোনাৰ খাদ্য তালিকাত অন্তর্ভুক্ত কৰাটো উপকাৰী হ’ব(Health Tips)।

ভিটামিন ডি সমৃদ্ধ খাদ্য

মাছ

যদি আপুনি আমিষভোজী তেন্তে ভিটামিন ডিৰ অভাৱ পূৰণৰ বাবে মাছ এক উৎকৃষ্ট উৎস। বিশেষকৈ ছালমন আৰু টুনা মাছত ভিটামিন ডি বৃহৎ পৰিমাণে পোরা যায়। অৱশ্যে আন প্ৰজাতিৰ মাছতো প্ৰচুৰ পৰিমাণে ভিটামিন ডি পোৱা যায়। যদি আপুনি ভিটামিন ডিৰ অভাৱত ভুগি আছে তেন্তে মাছক দৈনন্দিন খাদ্যৰ অংশ কৰি ইয়াৰ অভাৱ দূৰ কৰিব পাৰে।

কণী

কণী কেবল প্রটিন আৰু কেলচিয়ামৰ উত্তম উৎস নহয়, ইয়াৰ পৰা ভিটামিন ডিও লাভ কৰিব পাৰি। কণীত থকা ভিটামিন ডিৰ সঠিক সুবিধা পাবলৈ হ’লে ফ্রীজৰ পৰিৱৰ্তে কোঠাৰ সাধাৰণ উষ্ণতাত ৰখাটো গুৰুত্বপূর্ণ। লগতে সিজোরা কণী খালে ভাল।

গাখীৰ

নিৰামিষভোজী হ’লেও চিন্তাৰ কোনো প্রয়োজন নাই, গাযীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ জৰিয়তে শৰীৰত থকা ভিটামিন ডিৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰিব। এক কাপ গাযীৰে আপোনাৰ শৰীৰত ভিটামিন ডিৰ ১৫.৫ শতাংশ অভাব পূৰণ কৰে। ইয়াৰ উপৰিও পনীৰ দৈ আৰু টফুৰ দৰে গাখীৰৰ সামগ্রীও ভিটামিন ডিৰ সমৃদ্ধ উৎস।

আপুনি আমিষ আৰু দুগ্ধজাত সামগ্ৰীৰ পৰা দূৰত্ব বজাই ৰাখিলেও চিন্তাৰ প্ৰয়োজন নাই। ভিটামিন ডিৰ অভাৱ দূৰ কৰিবলৈ বহুতো নিৰামিষ বিকল্পও উপলব্ধ। ইয়াৰ ভিতৰত মাছকম আটাইতকৈ প্রধান। মাছৰুম সম্পূর্ণ নিরামিষ খাদ্য আৰু ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন ডি থাকে।

ভেগান মিল্ক

যদি আপুনি গৰু বা ম’হৰ গাযীৰ পৰিহাৰ কৰে তেন্তে আপোনাৰ বাবে বহু ধৰণৰ ভেগান গাধীৰও উপলব্ধ যিবোৰ ভিটামিন ডিৰ উৎকৃষ্ট উৎস। ভিটামিন ডিৰ লগতে এই ভেগান গাখীৰত অধিক পৰিমাণৰ কেলচিয়াম আৰু প্রটিন থাকে।

ভিটামিন ডি থকা শাক পাচলি আৰু ফল

আমাৰ দৈনন্দিন খাদ্যত অন্তর্ভুক্ত হোৱা শাক-পাচলি আৰু ফল-মূলতো ভিটামিন ডি পোরা যায়। শাক- পাচলিৰ কথা ক’বলৈ গ’লে ব্রকলি, ছজিনা, পালেং, কেৰেলা, জাতিলাও, ভেণ্ডী, ৰঙালাও এনেকুৱা শাক- পাচলি যিবোৰত ভিটামিন ডি থাকে।

এভোকেডো, কমলা, কিরি, কল, অমিতা, মধুৰী আৰু তৰমুজৰ দৰে ফল-মূলত ভিটামিন ডি থাকে।