Local, Vocal, Global

WATCH | Health Tips : চুলি পকা সমস্যাত ভুগিছে নেকি আপুনি ?

আজিকালি বহু কম বয়সতেই বহুলোক চুলি পকা সমস্যাৰ সন্মুখীন হয় । কিন্তু আপুনি জানেনে ঘৰতে উপলব্ধ কিছুমান সামগ্ৰী ব্যৱহাৰ কৰি আপোনাৰ চুলিকোছা কিছকিছিয়া কলা কৰি ৰাখিব পাৰে।
চুলি ঢাকিবলৈ অধিকাংশই বজাৰত উপলব্ধ বিভিন্ন ৰং ব্যৱহাৰ কৰে। কিন্তু এই ৰঙে আপোনাৰ প্ৰাকৃতিক ধুনীয়াটো বেয়া কৰাৰ লগতে চুলি কৰাৰ সমস্য়াই দেখা দিয়ে(Health Tips)

আজি জানি লওক কি কি উপায়েৰে আপোনাৰ চুলিকোছা কলা কৰি ৰাখিব

জৱা ফুল
জৱাব ফুল চুলিৰ বাবে অতি উপকাৰী।জৱাব ফুলে চুলি গজাত সহায় কৰিবলৈ আৰু চুলি সৰাৰ সমস্যা হ্ৰাস কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ বাবে কেইটামান জৱাব ফুল ৰাতিটো পানীত তিয়াই থ’ব। পিছদিনা ৰাতিপুৱা এই পানীৰে চুলি ধুব। ইয়াক জেতুকা পাতৰ সৈতে মিহলি কৰিও চুলিত প্ৰয়োগ কৰিব পাৰি।

নাৰিকল তেল
যদি চুলিত নাৰিকল তেল সঠিকভাৱে প্ৰয়োগ কৰিলে পকা চুলিৰ সমস্যা আঁতৰ কৰা হয়। যদি আপোনাৰ মুৰটো বগা চুলিৰে আৱৰি থাকে, তেন্তে এটা বাটিত নাৰিকল তেল লওঁক আৰু ইয়াত নেমুৰ ৰস মিহলি কৰক। এই মিশ্ৰণটো চুলিত প্ৰয়োগ কৰাৰ আগতে পাতলকৈ গৰম কৰি ইয়াক গুৰিৰ পৰা ভালকৈ চুলিখিনিত প্ৰয়োগ কৰক।এনেদৰে ১-২ ঘণ্টা ৰাখি তাৰ পিছত মুৰটো ধুই দিব।এনে কৰিলে স্বাভাৱিকতে চুলি ক’লা হয়।

জেতুকা পাত
চুলিত জেতুকা পাত প্ৰয়োগ কৰাৰ ফলত চুলিৰ ৰং ক’লা নহয়, ৰঙাহে হয়়। কিন্তু যদি চুলিত সঠিকভাৱে ব্যৱহাৰ কৰিলে চুলি পকা নাইকিয়া হৈ ক’লা চুলি গজে। ইয়াৰ বাবে, জেতুকা পাত গুৰি কৰি তাৰ লগত কফি মিহলি কৰা ল’ব। এই পেষ্টটো চুলিত প্ৰয়োগ কৰি ১-২ ঘণ্টা ৰখাৰ পিছত চুলি খিনি ধুই দিব।

আমলখি
আমলখিৰ ৰস আৰু নাৰিকল তেল মিহলি কৰি পেষ্ট এটা বনাওক। এই পেষ্টটো চুলিত ভালকৈ লগাই এঘণ্টা ৰখাৰ পিছত ধুই দিয়ক। সপ্তাহত এবাৰ এই পেষ্টটো হেয়াৰ মাস্ক হিচাপে প্ৰয়োগ কৰক।পাৰ্থক্য নিজেই দেখিবলৈ পাব।