Local, Vocal, Global

Health Side Effects of Mint : জানো আহক কোনবোৰ লোকৰ বাবে পদিনা উপকাৰী নহয়

পদিনা অসমীয়া সমাজত অতি জনপ্ৰিয় । আমাৰ ঘৰসমূহত ৰোপণ কৰা গছ আৰু উদ্ভিদত এনে বহুতো গুণ পোৱা যায়, যিবোৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। এই সকলোবোৰ উদ্ভিদৰ ভিতৰত পদিনাও অন্যতম।পদিনা অধিকাংশ লোকৰ ঘৰতে পোৱা যায়(Health Side Effects of Mint)।

বহু মানুহে চাহ, চৰ্বত আদিত পদিনা পাত ব্যৱহাৰ কৰে । পদিনা এবিধ বাৰমহীয়া সুগন্ধিযুক্ত বনৌষধি । পদিনাত আছে বহুটো ঔষধি গুণ(Health Side Effects of Mint) ।

টুথপেষ্ট, চুইংগাম, মাউথ ফ্ৰেচনাৰ, কেণ্ডি, ইনহেলাৰ আদিত পুদিনা ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও, আয়ুৰ্বেদত বহু ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰতো পুদিনা ব্যৱহাৰ কৰা হয়।

কিন্তু সকলো লোকৰ বাবে পদিনা উপকাৰী নহয়। কোনবোৰ লোকৰ বাবে পদিনা উপকাৰী নহয় জানো আহক(Health Side Effects of Mint)

গেষ্ট্ৰোইচোফেজিয়েল ৰিফ্লাক্স ৰোগত আক্ৰান্ত লোকসকলে পুদিনা খোৱাৰ পৰা দূৰতে থাকিব লাগে।উল্লেখ্য, ‘জিইআৰডি’ অর্থাৎ গেষ্ট্ৰোইচোফেজিয়েল ৰিফ্লাক্স এবিধ হজম সম্বন্ধীয় ব্যাধি।

গৰ্ভধাৰণৰ সময়ত অত্যাধিক পুদিনা বা পুদিনাৰ চাহ খোৱাৰ ফলত গৰ্ভপাত হোৱাৰ আশংকা বহুগুণে বৃদ্ধি হয়। সেয়েহে মহিলাসকলে গৰ্ভধাৰণৰ সময়ত পুদিনা পৰিহাৰ কৰিব লাগে।

পুদিনা অত্যাধিক ব্যৱহাৰে আপোনাৰ ডিঙিত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

পুদিনা অত্যাধিক ব্যৱহাৰে বৃক্ক আৰু অন্ত্ৰৰো ক্ষতি কৰিব পাৰে।

যদি আপুনি বৃক্কৰ ৰোগী, তেন্তে পুদিনা আপোনাৰ বাবে ভাল নহয়। পুদিনাৰ পৰা দূৰত থকাটোয়েই আপোনাৰ বাবে মংগল।

পুদিনা বেছিকৈ খালে, ই শৰীৰত ৰক্ত শৰ্কৰা কমাই দিব পাৰে।

পুদিনা ৭-৮ বছৰৰ কম বয়সৰ শিশুৰ বাবে উপযুক্ত নহয়।

যদি আপুনি যকৃতৰ ৰোগী, তেন্তে ভুলতে পুদিনাৰ পিল বা পুদিনা নাখাব।

যিসকলৰ ছাল সংবেদনশীল, তেওঁলোকেও পুদিনা খোৱাৰ পৰা বিৰত থাকিব লাগে।

লগতে পঢ়ক : Side Effects of Green Peas : স্বাস্থ্যৰ ভালে ৰাখিবলৈ এইসকল লোকে মটৰ খোৱাৰ পৰা দূৰত থাকক