Local, Vocal, Global

Benefits of Spiny Gourd : ভাত কেৰেলা খাই ভাল পাই নে আপুনি ?

আমি সোৱাদ আৰু স্বাস্থ্যৰ বাবে উপকাৰী পাচলি খাব লাগে। কিন্তু আপুনি কেতিয়াবা ভাত কেৰেলা পাচলিৰ সোৱাদ লৈছে নে আপুনি ? আপুনি বাৰু ভাত কেৰেলাৰ স্বাস্থ্যৰ লাভালাভৰ বিষয়ে জানেনে? যদি নাজানে তেন্তে জানি লওক(Health Benefits of Spiny Gourd)।

ভাত কেৰেলা এক অতি শক্তিশালী পাচলি। ই স্বাস্থ্যক এটা দিশত নহয় বিভিন্ন ধৰণৰ লাভালাভ প্ৰদান কৰে। ভাত কেৰেলা গছৰ পাতবোৰ প্ৰায় ১০ৰ পৰা ১২ ছেঃমিঃ পৰ্যন্ত দীঘল আৰু সমানে বহল। কেৰেলাবোৰ সাধাৰণতে ৫ খলপীয়া আৰু নিমজ বা কিছু নোমাল। পুষ্পবোৰ ভিন্নবাসী হয়। প্ৰায় ৪-৫টা মান পাহি থকা ফুলেবাৰ ৫ ছেঃ মিঃ দীঘল হয়। ফুলবোৰৰ ৰং বগা বা সামান্য হালধীয়া আৰু তিনিটা মান কলা ফোট থাকে। ভাতকেৰেলাৰ ফলবোৰ ১০-১২ ছেঃ মিঃ মান ডাঙৰ হয়। ইয়াৰ গোটেই গাটো অসংখ্য কোমল কাঁইট থাকে(Health Benefits of Spiny Gourd)।

কেঁচা অৱস্থাত দেখিবলৈ সেউজীয়া আৰু পকিলে ৰঙা হয়। ভিতৰভাগ অসংখ্য বীজৰে ভৰা। অসমৰ বিভিন্ন ঠাইত ভাত কেৰেলাৰ পোৱা যায়। ভাতকেৰেলা এবিধ নিৰোগী পাচলি।

সকলো বেমাৰ-আজাৰতে সকলো ৰোগীয়ে খাব পৰা এইবিধ উতকৃষ্ট পাচলি। ইয়াৰ কুমলীয়া পাত আৰু আগবোৰ শাক হিচাপে খাব পাৰি। ভাতকেৰেলা ভাজি বা পিটিকা বনাই খাব পৰি। তদুপৰি সিজুৱাই তাৰ ভিতৰভাগৰ গুটিবোৰ উলিয়াই বেচনৰ লেপ দি বৰা বনাই ইয়াৰ সোৱাদ লব পাৰি(Health Benefits of Spiny Gourd) ।

ভাত কেৰেলা পাচলিয়ে ওজন হ্ৰাস কৰাত সহায় কৰে।ই প্ৰ’টিন আৰু আইৰণেৰে সমৃদ্ধ। কিন্তু কেলৰি গ্ৰহণ যথেষ্ট কম। যদি আপুনি ১০০ গ্ৰাম ভাত কেৰেলা গ্ৰহণ কৰে, ই আপোনাক কেৱল সোতৰ গ্ৰাম কেলৰি দিয়ে। যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে তেন্তে আপুনি ইয়াৰ সহায় ল’ব পাৰে(enefits of Spiny Gourd)।

হজম উন্নত কৰে

হজম শক্তি বৃদ্ধি কৰাত ভাত কেৰেলাই বিশেষ ভূমিকা পালন কৰে। আয়ুৰ্বেদত, ইয়াক এক ঔষধ বুলি গণ্য কৰা হয়, যাক বহুতো ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়।

ৰোগৰ পৰা দূৰত ৰাখে

ভাত কেৰেলা হৈছে ফাইটোনিউট্ৰিয়েণ্টৰ এক ডাঙৰ উৎস, যিকেইটা উদ্ভিদত পোৱা যায়। এই পদাৰ্থটো স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী বুলি গণ্য কৰা হয়। ই ৰোগ প্ৰতিৰোধ কৰাত যথেষ্ট সহায়ক।

এলাৰ্জি আঁতৰ কৰে

ভাত কেৰেলাক এণ্টি-এলাৰ্জিক পাচলি বুলি গণ্য কৰা হয়। এই পাচলি সাধাৰণতে কেৱল বাৰিষাৰ সময়তহে আহে। যি ইয়াৰ এণ্টি-এলাৰ্জেন আৰু এনালজেচিক গুণাগুণৰ বাবে ঋতুকালীন কাহ, চৰ্দি আৰু অন্যান্য এলাৰ্জি উপশম কৰাত সহায় কৰে।

ডায়েবেটিচৰ সমস্যা হ্ৰাস কৰে


ভাত কেৰেলা ডায়েবেটিচৰ সমস্যা হ্ৰাস কৰাতো সহায়ক। ইয়াৰ গ্ৰহণে ডায়েবেটিক ৰোগীৰ ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰে।

ছালত উজ্জ্বলতা

ভাত কেৰেলাই ছালখন স্বাস্থ্যৱান ৰখাত যথেষ্ট সহায় কৰে। ইয়াত বিভিন্ন ফ্লেভোনইড থাকে যেনে বিটা কেৰোটিন, লুটিন আৰু জেক্সান্থিন।

এইবোৰে ছালৰ বাবে সুৰক্ষা মূলক আৱৰণৰ দৰে কাম কৰে। ইয়াৰ গ্ৰহণে ছালত উজ্জ্বলতা আনি দিয়ে।