Local, Vocal, Global

Health Benefits of Spinach : পালেং শাকৰ উপকাৰিতাৰ বিষয়ে জানেনে আপুনি ?

এতিয়া শাকৰ বতৰ। এই সময়ছোৱাত সকলো বজাৰতে শাক একেবাৰে সহজলভ্য।শাক বহু পুষ্টি সমৃদ্ধ। সেউজীয়া শাক বুলিলে প্ৰথমে পালেং শাকৰ কথায়েই মনলৈ আহে। তাৰ ভিতৰত পালেং শাক আমাৰ সকলোৰে পৰিচিত । ভাৰতত পালেং শাকৰ চাহিদা বেছি।

ভাৰতৰ বাহিৰত ও ইয়াৰ চাহিদা আছে।পালেং শাক কেঁচাই, তৰকাৰী বনাই বিভিন্ন ধৰণৰ ব্যঞ্জন তৈয়াৰ কৰিও খোৱা হয়।পালেং শাক আমাৰ শৰীৰৰ বাবে যথেষ্ট উপকাৰী। পালেং শাক খালে আমাৰ বিভিন্ন ৰোগ নিৰাময় হয়।পালেং শাকত ভিটামিন -এ প্ৰচুৰ পৰিমাণে পোৱা যায়।

তাৰোপৰি কেলচিয়াম, আইৰণ, আঁহ,কাৰ্বহাইড্ৰেত, প্ৰটিন, খনিজ পদাৰ্থ, অজৈৱিক নাইট্ৰেত আদি থাকে।পালেং শাক খালে আমাৰ বিভিন্ন ধৰণৰ উপকাৰ হয়(Health benefits and nutritional value of spinach)।

আজি পালেং শাকৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক(Health Benefits of Spinach)

ওজন নিয়ন্ত্ৰণ

জীৱনশৈলী সলনি হোৱাৰ বাবে অধিকাংশ লোকেেই ওজন বৃদ্ধিৰ সমস্যাত ভোগে। সেয়েহে যদি আপুনি ওজন হ্ৰাস কৰিবলৈ বিচাৰে, তেন্তে আপোনাৰ আহাৰত পালেং শাক অন্তৰ্ভুক্ত কৰিব পাৰে। ই আপোনাক ওজন হ্ৰাস কৰাত সহায় কৰিব।

দৃষ্টিশক্তি বৃদ্ধি

পালেং শাকত থকা পুষ্টিয়ে দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে। যদি আপোনাৰ চকু দুৰ্বল হয়, তেন্তে আপুনি আপোনাৰ আহাৰত পালেং শাক অন্তৰ্ভুক্ত কৰিব পাৰে।

তেজৰ অভাৱ দূৰ

পালেং শাক খালে ৰক্তহীনতা দূৰ হয়। পালেং শাকত যথেষ্ট পৰিমাণত আইৰণ, এণ্টিঅক্সিডেণ্ট, ভিটামিন, খনিজ আৰু পুষ্টি থাকে। এই পুষ্টিবোৰে শৰীৰৰ পৰা তেজৰ অভাৱ দূৰ কৰাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ

পালেং শাকক নাইট্ৰেটৰ অতি ভাল উৎস বুলি গণ্য কৰা হয়।ই ৰক্তচাপ স্বাভাৱিক ৰখাত সহায় কৰে। নাইট্ৰেটে তেজৰ প্ৰবাহ উন্নত কৰাত সহায় কৰে। যদি আপুনি উচ্চ ৰক্তচাপৰ সমস্যাত ভোগে, তেন্তে দৈনিক পালেং শাকৰ ৰস খাব। ই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব।

হজম শক্তি উন্নত

যদি আপোনাৰ হজমৰ সমস্যা আছে, তেন্তে আপুনি আপোনাৰ আহাৰত পালেং শাক অন্তৰ্ভুক্ত কৰিব পাৰে।পালেং শাক খালে কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ হয়।তদুপৰি, গেছ আৰু বদহজমৰ দৰে সমস্যা আঁতৰ কৰাতো পালেং শাক যথেষ্ট উপকাৰী।

পেশী শক্তিশালী

পেশী শক্তিশালী কৰিবলৈ আপুনি আপোনাৰ আহাৰত পালেং শাক অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াত পোৱা পুষ্টিবোৰে পেশীবোৰ শক্তিশালী কৰাত সহায় কৰে।