Pomegranate Benefits : আমাৰ শৰীৰৰ বাবে বহু উপকাৰী ডালিম,আমাৰ শৰীৰক বহু গুৰুতৰ ৰোগৰ পৰা সুৰক্ষিত কৰে ডালিমে
ডালিম এনে এবিধ ফল যিয়ে শৰীৰক সুস্থ কৰি ৰাখে বুলি জনা যায় ৷ ডালিম স্বাস্থ্যৰ বাবে অতি উপকাৰী আৰু ইয়াক খালে ৰক্তহীনতাৰ লগতে আন বহুতো ৰোগৰ পৰা আঁতৰি থাকিব পাৰি ৷ ৰঙা ৰসাল গুটি থকা ডালিম কেৱল হৃদযন্ত্ৰৰ বাবেই উপকাৰী নহয়, ওজন কমাবলৈও অতি ফলপ্ৰসূ বুলি কোৱা হয়(Pomegranate Benefits) ৷
ডালিম খোৱাৰ উপকাৰিতা ডালিম হৃদযন্ত্ৰৰ বাবে অতি উত্তম কাৰণ ইয়াত পটাছিয়াম প্ৰচুৰ পৰিমাণে থাকে ৷ ইয়াক সেৱন কৰিলে ৰক্তবাহী নলীত তেজৰ গোট মৰা বা কলেষ্টেৰল জমা নহয় আৰু হাৰ্ট এটেকৰ সম্ভাৱনা কমি যায় ৷ ইয়াৰ লগতে উচ্চ ৰক্তচাপৰ ক্ষেত্ৰতো ডালিম সেৱন কৰাটো অতি লাভদায়ক বুলি বিবেচিত হয় ৷
ডালিম সেৱন কৰিলেও মধুমেহ ৰোগৰ পৰা সকাহ পোৱা যায় ৷ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰাত ডালিমে এক অগ্ৰণী ভূমিকা পালন কৰে ৷ ইয়াত থকা এন্টি অক্সিডেন্টে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে বাহ্যিক ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি প্ৰদান কৰে(Health benefits of pomegranate) ৷
যদি আমি মেদবহুলতা হ্ৰাস কৰাৰ কথা ক’বলৈ যাও তেন্তে ডালিম অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ ডালিমত প্ৰচুৰ পৰিমাণে আঁহ পোৱা যায়, যাৰ বাবে খাদ্য সঠিকভাৱে হজম হয় আৰু বহু সময়লৈকে আপুনি ভোক অনুভৱ নকৰে ৷
ডালিম সেৱনে অকালতে দেখা দিয়া বলিৰেখাও দূৰ কৰে ৷ ডালিমৰ গুটি সেৱন কৰিলে দাঁতৰ গুৰিত হোৱা সংক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ লগতে দাঁত মজবুত হয় ৷
ডালিমত উচ্চ পৰিমাণে আঁহ আৰু পুষ্টি থকাৰ বাবে ই পাচন শক্তি বৃদ্ধি কৰাত সহায় কৰে। যদি আপোনাৰ কোষ্ঠকাঠিন্য বা পেট জ্বলা-পোৰাৰ সমস্যা আছে, তেনেহ’লে আপোনাৰ বাবে ডালিম খোৱাটো অতি উপকাৰী।
যদি হৃদযন্ত্ৰ স্বাস্থ্যৱান ৰাখিব বিচাৰে, আপুনি ডালিম খোৱা আৰম্ভ কৰিব পাৰে।ডালিমৰ ৰস খাই আপুনি হৃদযন্ত্ৰ সম্পৰ্কীয় সকলো ৰোগ পৰিহাৰ কৰিব পাৰে।ই ৰক্ত সঞ্চালনো উন্নত কৰে।
উচ্চ ৰক্তচাপৰ সমস্যা থকা লোকসকলেও ডালিম খাব লাগে।ডালিমে ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰখাত বহু পৰিমাণে সহায় কৰে।
ডায়বেটিচত ভুগি থকা লোকসকলৰ বাবেও ডালিম উপকাৰী।ডালিমৰ ডায়েবেটিক ৰোধী গুণে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
শেহতীয়া এক অধ্যয়নত প্ৰমাণ হোৱা অনুসৰি, ডালিমৰ ৰস সেৱনে স্মৃতি শক্তি বৃদ্ধি কৰে।
অত্যাধিক চাপৰ সন্মুখীন হোৱাসকলে তেওঁলোকৰ আহাৰত ডালিম অন্তৰ্ভুক্ত কৰাটো খুবেই জৰুৰী। কিয়নো ডালিমে আমাৰ শৰীৰত চাপ বৃদ্ধি হ’বলৈ নিদিয়ে।
লগতে পঢ়ক :Aloe Vera Benefits for Hair : চুলিৰ বাবে কিমান উপকাৰী এল’ভেৰা