Local, Vocal, Global

Health Benefits of Papaya : অমিতা আমাৰ দেহৰ বাবে কিমান উপকাৰী জানেনে? অমিতা খালে দূৰ হ’ব এইসমূহ ৰোগ!

অমিতা আমাৰ দৈনন্দিন জীৱনৰ এক পৰিচিত খাদ্য। অমিতা আমাৰ বহুতেৰে প্ৰিয়। কিন্তু বহুতে আকৌ বহুতে আকৌ ইয়াক ভাল নাপায়(Benefits of Papaya)। প্ৰত্যকগৰাকী অসমীয়াৰ ঘৰ তথা বাৰীত অমিতাৰ গছ থকাটো প্ৰায়েই পৰিলক্ষিত হয়। অমিতাৰ ফুলটোৰ পৰা ফলটো পকালৈ প্ৰত্যেকটো অংশই বিভিন্ন ঔষধি কাৰণত ব্যৱহাৰ কৰা দেখা যায়।

অমিতাৰ প্ৰাথমিক উৎপত্তি স্থল আছিল দক্ষিণ মেক্সিকো,দক্ষিণ আৰু মধ্য আমেৰিকা ৷ অমিতাৰ ১০০ গ্ৰামত ৩৯ কেলৰী থাকে। অমিতাত ভিটামিন-‘চি,ভিটামিন-‘এ’,পটাছিয়াম ,কেলচিয়াম,প্ৰটিন ,কাৰ্বহাইৰ্ড্ৰেট,ভিটামিন-বি আৰু আইৰণৰ প্ৰচুৰ পৰিমাণে পোৱা যায়(Papaya Health Benefits)।

প্ৰায় সকলো সময়তে সকলোতে উপলব্ধ অমিতা। মিঠা সোৱাদ, জীৱন্ত ৰং তথা ইয়াৰ আশ্বৰ্যজনক স্বাস্থ্য লাভালাভে অমিতাক এক জনপ্ৰিয় ফল হিচাপে গঢ়ি তুলিছে। উচ্চ পৰিমাণৰ এণ্টিঅক্সিডেণ্ট থকা আহাৰে হৃদৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে।

বহু ৰোগৰ পৰা উপশমৰ বাবে অমিতা আমাৰ বাবে অতি উপকাৰী(Health Benefits of Papaya)

হাঁপানি প্ৰতিৰোধ

কিছুমান পুষ্টি সঠিক পৰিমাণত গ্ৰহণ কৰা লোকৰ হাঁপানি হোৱাৰ আশংকা কম থাকে। এই পুষ্টিবোৰৰ অন্যতম হৈছে বিটা কেৰোটিন, যি অমিতাত যথেষ্ট পৰিমাণে থাকে। অমিতাৰ লগতে ব্ৰকলী, ৰঙালাও আৰু গাজৰৰ দৰে খাদ্যতো বিটা কোৰোটিন অধিক মাত্ৰাত থাকে।

কৰ্কট ৰোগ প্ৰতিৰোধ

বিটা-কেৰোটিনে কৰ্কট ৰোগৰ আশংকা বহু পৰিমাণে হ্ৰাস কৰিব পাৰে। অমিতাত প্ৰচুৰ মাত্ৰাত বিটা কেৰোটিন পোৱা যায়। সেয়ে কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে অমিতা খোৱা অতি দৰকাৰী। কম বয়সীয়া পুৰুষে বিটা কেৰোটিন সমৃদ্ধ আহাৰ খালে তেওঁলোকৰ প্ৰষ্টেট কৰ্কটৰোগ হোৱাৰ আশংকা খুবেই কম থাকে।

হজম শক্তি বৃদ্ধি কৰে

অমিতাত পেঁপা নামৰ এক এনজাইম থাকে। এই এমজাইমে হজমত সহায় কৰে। যাৰ বাবে অমিতাক মাংস ৰন্ধনকৰ্তা হিচাপে ব্যৱহাৰ কৰিব পাৰি।অমিতাত আঁহ আৰু পানীৰ পৰিমাণ অধিক হোৱাৰ বাবে ই কোষ্ঠকাঠিন্য প্ৰতিৰোধ কৰাৰ লগতে স্বাস্থ্যকৰ পাচন নলী তৈয়াৰ কৰাতো ই সহায় কৰে।

হৃদৰোগ প্ৰতিহত কৰে

অমিতাত থকা আঁহ, পটাছিয়াম আৰু ভিটামিনে হৃদৰোগ প্ৰতিহত কৰাত সহায় কৰে। পটাছিয়াম গ্ৰহণ বৃদ্ধি হোৱাৰ লগতে ছ’ডিয়াম গ্ৰহণ হ্ৰাস হোৱাটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ আহাৰ পৰিৱৰ্তন যি এজন ব্যক্তিয়ে তেওঁলোকৰ কাৰ্ডিওভাস্কুলাৰ ৰোগৰ আশংকা হ্ৰাস কৰিবলৈ কৰিব পাৰে।

চুলিৰ স্বাস্থ্য

অমিতা চুলিৰ বাবেও উৎকৃষ্ট কিয়নো ইয়াত ভিটামিন এ থাকে, যিয়ে চিবাম উৎপাদন কৰাত সহায় কৰে।চিবামে চুলি ‘ময়শ্চাৰাইজ’ কৰি ৰাখে।আনহাতে, ছাল আৰু চুলিকে ধৰি সকলো শাৰীৰিক কলাৰ বিকাশৰ বাবে ভিটামিন এ প্ৰয়োজনীয়।

ওজন হ্ৰাস কৰাত সহায়ক

পকা অমিতা সামান্য মিঠা যদিও কম কেলৰিযুক্ত হোৱা বাবে ওজন হ্ৰাস কৰিবলৈ বিচৰা ব্যক্তিয়ে আহাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰি ল’ব পাৰে।

চকুৰ বাবে উপকাৰী

অমিতা চকুৰ বিভিন্ন ৰোগৰ বাবেও উপকাৰী।ইয়াত থকা যথেষ্ট পৰিমাণৰ ভিটামিন-‘এ’ ৰ উপস্থিতিয়ে চকুকেইটাক ৰোগৰ পৰা ৰক্ষা কৰি থাকে।লগতে চকুৰ ৰশ্মি কম হোৱাৰ পৰাও ৰক্ষা কৰে।অমিতা খাই থাকিলে ছানি পৰা ৰোগ নিৰাময় হোৱাৰ লগতে চকুৰ ৰশ্মিও বৃদ্ধি পায়।

মাহেকীয়াৰ বিষৰ পৰা পৰিত্ৰাণ

অমিতাত থকা পেপেইন নামৰ এনজাইমে মহিলাৰ মাহেকীয়া হোৱাৰ সময়ত হোৱা পেটৰ বিষৰ পৰা ৰক্ষা কৰে।সেয়ে মাহেকীয়া হোৱাৰ সময়ত বিষত ভোগা মহিলাসকলে আহাৰত অমিতা খাব লাগে।

লগতে পঢ়ক :Health Benefits Of Coconut :নাৰিকলৰ পানীৰ লগতে ইয়াৰ ভিতৰত থকা নাৰিকল খিনিৰো আছে বহুতো লাভালাভ