Local, Vocal, Global

Benefits of Papaya : অমিতা আমাৰ দেহৰ বাবে কিমান উপকাৰী জানেনে ? কি ৰোগ নিৰাময় কৰে অমিতাই জানো আহক

অমিতা আমাৰ দৈনন্দিন জীৱনৰ এক পৰিচিত খাদ্য। অমিতা আমাৰ বহুতেৰে প্ৰিয়। কিন্তু বহুতে আকৌ বহুতে আকৌ ইয়াক ভাল নাপায়(Benefits of Papaya)।

প্ৰত্যকগৰাকী অসমীয়াৰ ঘৰ তথা বাৰীত অমিতাৰ গছ থকাটো প্ৰায়েই পৰিলক্ষিত হয়। অমিতাৰ ফুলটোৰ পৰা ফলটো পকালৈ প্ৰত্যেকটো অংশই বিভিন্ন ঔষধি কাৰণত ব্যৱহাৰ কৰা দেখা যায়।

অমিতাৰ প্ৰাথমিক উৎপত্তি স্থল আছিল দক্ষিণ মেক্সিকো,দক্ষিণ আৰু মধ্য আমেৰিকা ৷ অমিতাৰ ১০০ গ্ৰামত ৩৯ কেলৰী থাকে। অমিতাত ভিটামিন-‘চি,ভিটামিন-‘এ’,পটাছিয়াম ,কেলচিয়াম,প্ৰটিন ,কাৰ্বহাইৰ্ড্ৰেট,ভিটামিন-বি আৰু আইৰণৰ প্ৰচুৰ পৰিমাণে পোৱা যায়(Papaya Health Benefits)।

বহু ৰোগৰ পৰা উপশমৰ বাবে অমিতা আমাৰ বাবে অতি উপকাৰী(Health Benefits of Papaya)

হজমৰ বাবে উপকাৰী অমিতা। অমিতা খালে শৰীৰ সতেজ হয়, পাকস্থলীৰ অতিৰিক্ত এচিড দূৰ কৰে। যিয়ে গেষ্ট্রিক আৰু বুকু জলা–পোৰাত ভুগিছে, তেওঁলোকৰ বাবে অমিতা অতি উত্তম।

অমিতা ছালৰ বাবে বহুতো উপকাৰী। অমিতাই পেটৰ লগতে ছালৰ উজ্জ্বলতা বৃদ্ধিত সহায় কৰে।

অমিতাই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। অমিতা গছৰ ফুল আৰু শিপাও কিডনী ৰোগ, ব্ৰংকাইটিছ আৰু জণ্ডিচৰ বাবে উপকাৰী।

কোষ্ঠকাঠিন্য দূৰ কৰাৰ বাবে অমিতা ব্যৱহাৰ কৰা হয়। কেঁচা অমিতা আৰু তাৰ ৰসে হজম কৰাত সহায় কৰে।

অমিতাই ওজন হ্ৰাস কৰাত সহায় কৰে।

অমিতা চকুৰ বিভিন্ন ৰোগৰ বাবে উপকাৰী,চকুৰ ৰশ্মি কম হোৱাৰ আৰু ছানি পৰা ৰোগ নিৰাময়ৰ বাবে উপকাৰী। কৃমিৰোগৰ বাবে অমিতা মহৌষধ ৷

অমিতাই শৰীৰৰ কলেষ্টেৰল কম কৰে।

অমিতাই মহিলাৰ মাহেকীয়াৰ নিয়মিতকৰণ আৰু মাহেকীয় সময়ত হোৱা বিষৰ পৰা পৰিত্ৰাণ কৰে।

অমিতাই শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি ৰক্ষা কৰে। অমিতা ডায়েবেটিছ ৰোগীৰ বাবে উত্তম লগতে প্ৰত্যেকদিনাই অমিতা খালে ডায়েবেটিছ হোৱাৰ আশংকা নেথাকে।

অমিতাই হতাশা দূৰ কৰে।অমিতাত থকা ফাইবাৰে হজম শক্তি বৃদ্ধি কৰে।

অমিতা গছৰ পৰা ওলোৱা বগা ৰস লগালে জুয়ে পোৰাৰ দাগ আতৰ হোৱাত সহায়ক হয় ৷

লগতে পঢ়ক :pomelo fruit benefits : সুস্বাদু ৰবাব টেঙাৰ উপকাৰিতাৰ বিষয়ে জানেনে আপুনি ?