Local, Vocal, Global

Health Benefits of Orange : আপুনি জানেনে দৈনিক কমলা খালে কি কি উপকাৰিতা সাধন হয় ?

কমলাৰ সোৱাদ অতি সোৱাদযুক্ত । কমলা কেৱল সুস্বাদু ফলেই নহয় ই আমাৰ স্বাস্থ্যৰ বাবেও অতি উপকাৰী । শৰীৰটোক বেমাৰ-আজাৰৰ পৰা বচাই ৰাখিবলৈ পুষ্টিকৰ খাদ্য খোৱাটো খুবেই জৰুৰী। বিশেষকৈ ফল, শাক-পাচলিত থকা ভিটামিন আৰু খনিজ পদাৰ্থই শৰীৰক পুষ্টি প্ৰদান কৰাত সহায় কৰে। সেয়েহে, বিশেষজ্ঞসকলে বতৰৰ ফল আৰু পাচলি খোৱাৰ পৰামৰ্শ দিয়ে(Benefits of Orange)।

শীতকালৰ এবিধ ফল হৈছে কমলা । কমলাক ছুপাৰফুড বুলিও কোৱা হয় । কমলাৰ ৰসে শৰীৰক বহুতো উপকাৰ সাধন কৰে। কমলাৰ ৰস খালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় আৰু ভাইৰেল সংক্ৰমণৰ পৰাও হাত সাৰি থাকিব পাৰি(Health Benefits of Orange)।

আপুনি জানেনে দৈনিক কমলা খালে আৰু কি কি উপকাৰিতা সাধন হয় ? যদি নাজানে তেন্তে জানো আহক-

কমলাৰ ৰস খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। শীতকালত কম পানী খালে ৰক্ত সঞ্চালনৰ অৱনতি ঘটিব পাৰে। যিসকল লোকৰ ইতিমধ্যে উচ্চ ৰক্তচাপৰ সমস্যা আছে, তেওঁলোক এইকেইটা দিনত সাৱধান হোৱা উচিত।

কমলাৰ ৰস খোৱাৰ ফলত হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগত আক্ৰান্ত হোৱাৰ আশংকাও হ্ৰাস হয়। কমলাই বেয়া কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে।

কমলাৰ ৰসত ভিটামিন-এ, চি আৰু আইৰণ যথেষ্ট পৰিমাণে থাকে। ইয়াক সেৱন কৰিলে হিম’গ্লোবিনৰ স্তৰ বৃদ্ধি হয়। নিয়মীয়া কমলা ৰস খোৱাটোৱে ৰক্তহীনতাৰ সমস্যাও আঁতৰ কৰে।

কমলাৰ ৰস পেটৰ বাবেও যথেষ্ট উপকাৰী। ইয়াত থকা আঁহে পাচন তন্ত্ৰক স্বাস্থ্যৱান কৰি ৰখাৰ লগতে ডায়েৰিয়া, কোষ্ঠকাঠিন্য, ক্ৰেম্পৰ দৰে সমস্যাও দূৰ হয়।

যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে, তেন্তে আপুনি কমলাৰ ৰস গ্ৰহণ কৰিব পাৰে। ইয়াত থকা আঁহে আপোনাৰ পেট দীঘলীয়া সময়ৰ বাবে ভৰ্তি ৰাখে, যাৰ ফলত আপোনাৰ ভোক কম হয়।যাৰ ফলত আপুনি ওজন হ্ৰাস কৰিব পাৰে।

চকুৰ বাবে কমলা যথেষ্ট উপকাৰী। ইয়াত ভিটামিন-এ পোৱা যায়, যিয়ে দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে। তদুপৰি, যিকোনো ধৰণৰ সংক্ৰমণৰ পৰা চকুক সুৰক্ষিত কৰাৰ ক্ষেত্ৰতো কমলাৰ ৰস অতি উপকাৰী বুলি গণ্য কৰা হয়।

ফোলেট এই ৰসত যথেষ্ট ভাল পৰিমাণত থাকে। এনে পৰিস্থিতিত, গৰ্ভাৱস্থাত এই ৰস খোৱাটো অতি উপকাৰী বুলি গণ্য কৰা হয়।

কমলাত ভিটামিন-চি পোৱা যায়। ই কোলাজেন উৎপাদন বৃদ্ধি কৰে, যিয়ে ছাল উজ্জ্বল কৰাৰ লগতে ছাল কোঁচ খোৱা, ব্রণ, এণ্টিএজিং চিহ্নৰ পৰাও সকাহ পোৱা যায়। তদুপৰি, কমলা ৰস খোৱাৰ ফলত চুলি সৰাৰ সমস্যাও আঁতৰ হয়। ইয়াত পোৱা ভিটামিন-ই-য়ে চুলি ঘন আৰু শক্তিশালী কৰাত সহায় কৰে।

কমলাত আঁহ থাকে, যিয়ে পাচনত সহায় কৰে আৰু কোষ্ঠকাঠিন্য দূৰ কৰে ৷

কমলাত থকা ভিটামিন চিয়ে ছালৰ উন্নতি সাধন কৰে আৰু ইয়াক সুস্থ কৰি ৰখাত সহায় কৰে ৷

কমলাত পটাছিয়াম থাকে যিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে ৷

এন্টিঅক্সিডেন্টেৰে ভৰপূৰ কমলা: কমলাত এন্টিঅক্সিডেন্ট থাকে, যিয়ে আপোনাৰ শৰীৰটো ৰখাত সহায় কৰে ৷

কমলাত থকা এন্টিঅক্সিডেন্টে কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰিব পাৰে ।

কমলাত কেলচিয়ামৰ লগতে ভিটামিন কে থাকে, যিয়ে হাড় শক্তিশালী কৰাত সহায় কৰিব পাৰে ৷

লগতে পঢ়ক : Health Benefits of Cucumber : ৰোগ প্ৰতিৰোধত তিয়ঁহৰ উপকাৰিতাৰ বিষয়ে জানেনে আপুনি ?