Local, Vocal, Global

Health Benefits of Jaggery : গুড়ৰ ৫টা আচৰিত উপকাৰিতাৰ বিষয়ে জানো আহক

আজিকালি স্বাস্থ্যবৰ্ধক গুণাগুণেৰে সমৃদ্ধ হোৱাৰ বাবে চহৰাঞ্চলৰ লোকেও খাদ্য হিচাপে গুড়ৰ ওপৰত বিশেষ গুৰুত্ব দিয়া দেখা গৈছে(Jaggery Benefits)।

গুড় কুঁহিয়াৰৰ পৰা প্ৰাকৃতিকভাৱে তৈয়াৰ কৰা হয় আৰু ইয়াৰ প্ৰস্তুতকৰণ প্ৰণালীত কোনো ধৰণৰ ৰাসায়নিক পদাৰ্থৰ প্ৰয়োগ নঘটে, যাৰ দ্বাৰা ই নিজৰ মূল গুণ নেহেৰুৱায় আৰু খনিজ লৱণৰ দৰে পোষক পদাৰ্থৰে সংযুক্ত হৈ থাকে । অৱশ্যে গুড়ৰ ৰং চাফা কৰাৰ সময়ত ছালফাৰ আদি ৰাসায়নিক পদাৰ্থৰ প্ৰয়োগ ঘটিবও পাৰে । সেয়ে গুড় ক্ৰয় কৰাৰ সময়ত ইয়াৰ বিশুদ্ধতাৰ ওপৰত লক্ষ্য ৰখা উচিত । দেশীয়ভাৱে প্ৰস্তুত কৰা বিশুদ্ধ গুড় অলপ ডাঠ ৰঙৰ হয়(Health Benefits of Jaggery ) ।

গুড় আমাৰ স্বাস্থ্যৰ পক্ষে অতি উপকাৰী ৷ ইয়াত প্ৰচুৰ পৰিমাণে কেলচিয়াম, ফছফৰাছ, মেগনেছিয়াম, পটাছিয়াম, আইৰণকে ধৰি বহুতো পুষ্টিকৰ উপাদান পোৱা যায় ৷ ইয়াৰ উপৰিও গুড়ত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ থাকে ৷ ঠাণ্ডা বতৰত খালী পেটত গুড় খালে বহু উপকাৰিতা সাধন হয়

জানো আহত গুড় খোৱাৰ উপকাৰিতাৰ বিষয়ে ….

ৰক্তহীনতা

ৰক্তহীনতা ৰোগত ভুক্তভোগী ব্যক্তিসকলৰ বাবে গুড় বিশেষভাৱে উপকাৰী । ই শৰীৰত কমি যোৱা হিমগ্লবিমৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে ।গুড়ত আইৰণ আৰু ফ’লেট প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ শৰীৰত ৰক্তহীনতাই দেখা দিলে খালী পেটত গুড় সেৱন কৰি ইয়াৰ পৰা উপশম পাব পৰা যায় ৷ ইয়াৰ সেৱনে শৰীৰত আইৰণৰ অভাৱ দূৰ কৰে ৷

ৰক্তচাপ
ৰক্তচাপ ৰোগীৰ বাবে গুড় সেৱন অতি উপকাৰী ৷ ইয়াক পটাছিয়ামৰ ভাল উৎস বুলি গণ্য কৰা হয় ৷ দৈনিক খালী পেটত গুড় খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে ৷

হাড়ৰ বাবে

গুড়ত কেলচিয়াম আৰু আইৰণ পোৱা যায় যি হাড়ৰ বাবে অতি লাভদায়ক ৷ হাড়ৰ লগত জড়িত যিকোনো ৰোগত আক্ৰান্ত লোকে গুড় সেৱন কৰিব লাগে ৷ ইয়াৰ ফলত হাড় মজবুত হোৱাৰ লগতে গাঁঠিৰ বিষৰ পৰাও সকাহ পোৱা যায় ৷

পেটৰ লগত জড়িত ৰোগ

ফ্ৰুক্ট’জ নামৰ প্ৰাকৃতিক চেনি গুড়ত পোৱা যায় যিটো পেটৰ বাবে অতি উত্তম ৷ ইয়াৰ ফলত পেটৰ এনজাইম সক্ৰিয় হয় ৷ দৈনিক গুড় খালে পেটৰ লগত জড়িত ৰোগ যেনে বদহজম, কোষ্ঠকাঠিন্য, পেটৰ বিষ দূৰ কৰি ৰাখে

এলাহ নাইকিয়া হৈ যায়

গুড়ত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট থাকে যিয়ে শৰীৰৰ পৰা এলাহ আৰু ভাগৰ দূৰ কৰে আৰু তৎক্ষণাত শক্তি প্ৰদান কৰে ৷ দৈনিক খালী পেটত গুড় খালে গোটেই দিনটো শক্তি বজাই ৰাখে আৰু শক্তিৰ অনুভৱ হয় ৷