Local, Vocal, Global

Health Benefits of Green Leafy Vegetables : স্বাস্থ্যৰ পক্ষে অতি উপকাৰী কলমৌ,দোৰোণ আৰু ভেদাইলতা

শাক অসমীয়াৰ প্ৰিয় খাদ্য ৷ অসমৰ জলবায়ুও অৱশ্যে শাকৰ খেতিৰ বাবে অতি উপযোগী ৷ সেয়েহে বছৰৰ সকলো সময়তে এই অসমত ভিন্ন প্ৰকাৰৰ শাক পোৱা যায়

দীৰ্ঘদিনৰ পৰা অসমত কিছুমান শাকক বিশেষভাৱে ঔষধি গুণসম্পন্ন বুলি জ্ঞাত হোৱাৰ পিছত তেনে শাকক প্ৰত্যক্ষভাৱে ঔষধ হিচাপে ব্যৱহাৰৰো পথ মুকলি হৈছে ৷ আমাৰ শৰীৰক সুস্থ আৰু ৰোগমুক্ত কৰি ৰাখিবলৈ খাদ্যৰ পৰিৱৰ্তন অতি প্ৰয়োজনীয় ৷ আমাৰ শৰীৰক সুস্থ কৰি ৰাখিবলৈ আমি কিছুমান বস্তু আমাৰ খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগিব । প্ৰকৃতিত উপস্থিত এনে বহু ফুল আৰু পাতে মানুহৰ শৰীৰৰ বহু ৰোগ নিৰাময় কৰে(Health Benefits of Green Leafy Vegetables)।

তাৰ ভিতৰত চিৰতা, দোৰোণ, মছন্দৰি, ভেদাইলতা আৰু তুলসীৰ নাম বিশেষভাৱে উল্লেখযোগ্য ৷

আজি আমি ইয়াৰে ভিতৰত তিনি শাকৰ গুণকাৰী দিশৰ বিষয়ে আলোচনা কৰিম( 3 Leafy Green Vegetables are very Beneficial for your health ) ৷

কলমৌ শাক

বসন্ত ৰোগৰ সৈতে প্ৰতিৰোধ কৰাত কলমৌ শাকৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷

জণ্ডিছ ৰোগীয়ে কলমৌৰ আগ বা পাত গাখীৰৰ লগত মিহলাই খালে আৰোগ্য লাভ কৰিব পৰা যায় ৷

নিদ্ৰাহীনতা দূৰ কৰে ৷

আনহাতে, মাতৃদুগ্ধ কম হ’লে ঘিউৰ লগত এই শাক মিশ্ৰণ কৰি খালে মাকৰ গাখীৰ বেছি হয় ৷

স্নায়ু দুৰ্বল, ধাতু দুৰ্বল আৰু যৌন ব্যাধি দূৰ কৰে ৷

দোৰোণ শাক

মেলেৰিয়া, নিউমোনিয়া, স্বাস-প্ৰস্বাসজনিত ৰোগ, কফ, জণ্ডিছ, কৃমি, অভোক আদি ৰোগত দোৰোণ শাক বৰ উপকাৰী ৷

পানীলগা জ্বৰ বা স্বাস-প্ৰস্বাসজনিত ৰোগত দোৰোণ শাক অতি উপকাৰী ৷

শিশুক মৌৰ ৰসৰ লগত সিজাই খুৱালে যথেষ্ট উপকাৰিতা লাভ কৰিব পাৰে৷

ছাইনাছাইটিছ্ ৰোগত নাকেৰে এই ৰস ল’লে ৰোগ নিৰ্মূল হয় ৷

ভেদাইলতা

ভেদাইলতা শাকে আমাৰ শৰীৰত যথেষ্ট শক্তি প্ৰদান কৰে ৷

পেটৰ ৰোগ, ৰুচি নোহোৱা, পেটৰ সৈতে জড়িত সমস্যাৰ ক্ষেত্ৰত ই উপকাৰী ৷

বাতবিষ, বুকুৰ বিষত সুফল পাব পাৰি ৷

ফোঁহা বা কটা-চিঙাত ভেদাইলতা ডাল-পাত থেতেলাই প্ৰলেপ দিব লাগে ৷