Local, Vocal, Global

Green Chili Benefits : শীতকালত কেঁচা জলকীয়া খোৱাৰ উপকাৰিতাৰ বিষয়ে আপুনি বাৰু জানেনে ?

কেঁচা জলকীয়া আমি প্ৰায় সকলোৱে খাও । কিছুমান লোকৰ খাদ্যত তালিকাত কেঁচা জলকীয়া প্ৰয়োজনীয় । কেঁচা জলকীয়া আমাৰ ভাতৰ কাঁহীৰ কাষত লোৱাটো আমাৰ মাজৰ বহুতৰে অভ্যাস(Green Chili Benefits) ৷

কেঁচা জলকীয়া আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী আপুনি বাৰু জানেনে ?

আপোনালোকে জানেনে, কেঁচা জলকীয়া প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ৰে পৰিপূৰ্ণ ৷ কেঁচা জলকীয়াত প্ৰচুৰ পৰিমাণে ভিটামিন “B6“, ভিটামিন A, আইৰণ, কপাৰ, পটাছিয়াম তথা শর্কৰাও থাকে । কেঁচা জলকীয়া ডায়েটাৰী ফাইবাৰেৰেও পৰিপূৰ্ণ, যি আমাৰ হজম শক্তিৰ বাবে অতি উপকাৰী(Health Benefits of Green Chili During Winter) ৷

জানো আহক কেঁচা জলকীয়াৰ আচৰিত উপকাৰিতাসমূহৰ বিষয়ে …

কেঁচা জলকীয়াই আমাৰ ছাল সুস্থ আৰু সুন্দৰ কৰি তোলাত অতি গুৰুতৰ ভূমিকা পালন কৰে ৷

কেঁচা জলকীয়াত থকা ভিটামিন ‘চিয়ে আমাৰ ছাল স্বাস্থ্যকৰ আৰু উজ্জ্বল কৰি ৰাখে ৷

কেঁচা জলকীয়াই ব্যক্তিৰ হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে ৷

দৈনিক আহাৰৰ সৈতে কেঁচা জলকীয়া খালে আহাৰ সোনকালে হজম হয় ৷

কেঁচা জলকীয়াই ওজন হ্রাস কৰাত আমাক সহায় কৰে ৷ দেহৰ অতিৰিক্ত মেদ-চৰ্বি হ্ৰাস কৰি তোলাত কেঁচা জলকীয়া অনন্য ৷

কেঁচা জলকীয়াই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে ৷

কেঁচা জলকীয়া এন্টি অক্সিজেনেৰে পূর্ণ ৷ সেয়েহে ই প্রাকৃতিক সুৰক্ষাস্বৰূপে কাম কৰি শৰীৰক “ফ্রি ৰেডিকেল’ হোৱাৰ পৰা ৰক্ষা কৰে ৷ তদুপৰি কেঁচা জলকীয়া প্ৰষ্টেটৰ সমস্যাও দূৰ কৰি ৰখাত সহায়কাৰী ৷

কেঁচা জলকীয়াৰ পৰা এণ্ডৰফিন নামৰ উপাদান নিৰ্গত হয় ৷ যি ব্যক্তিৰ মানসিক স্বাস্থ্য ভালে ৰখাত সহায় কৰে ৷

কেঁচা জলকীয়াই বিভিন্ন বিষৰ পৰা উপশম কৰে ৷

কেঁচা জলকীয়া ভিটামিন ‘কে’ ৰে পৰিপূৰ্ণ ৷ ই এষ্টিঅ’পেৰ’ছিছৰ সম্ভাৱনা ৰোধ কৰাত সহায় কৰে ৷

লগতে পঢ়ক : Amazing Health Benefits of Drinking Cinnamon Tea on an Empty Stomach : ডালচেনি দিয়া চাহ আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী সেই বিষয়ে জানো আহক