Local, Vocal, Global

Health Benefits of Garlic : খালী পেটত নহৰু খোৱাৰ উপকাৰিতাৰ বিষয়ে জানেনে আপুনি

দৈনন্দিন খাদ্য সামগ্ৰীত অন্তৰ্ভূক্ত হোৱা এক লাভকাৰী মছলাজাতীয় পাচলি হৈছে নহৰু। নহৰু শৰীৰৰ পক্ষে গুণা-গুণৰ যথেষ্ট প্ৰমাণ আছে। নহৰুৱে ব্যঞ্জনৰ সোৱাদত অন্য এক মাত্ৰা দিয়ে(Benefits of garlic)। নহৰু আমাৰ শৰীৰৰ বাবে অতি উপকাৰী(Health Benefits of Garlic) । নহৰুৱে শৰীৰক ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু আমাক বহুতো বিপদজ্জনক ৰোগৰ পৰা ৰক্ষা কৰে। ইয়াৰ ঔষধি গুণাগুণৰ বাবে বিশ্বৰ সকলো ঠাইতে সকলো লোকে খাদ্যৰ তালিকাত নহৰু সন্নিৱিষ্ট কৰে।

নহৰুৰ আচাৰ,চুপ আদিও বনোৱা হয় আৰু পিজ্জাৰ টপিং দিবৰ বাবে ব্যৱহাৰ কৰা হয়। স্বাস্থ্যৰ দিশত কেঁচা নহৰু অতি উপযোগী।প্ৰাচীন কালৰ পৰাই নহৰু ঔষধ হিচাপে ব্যৱহাৰ হৈ আহিছে।

আজিৰ ব্যস্ত জীৱনশৈলীৰ বাবে মানুহে ব্যায়াম কৰিবলৈ সময় নাপায়, যাৰ ফলত শৰীৰত চৰ্বিৰ পৰিমাণ বৃদ্ধি হয় আৰু ইয়েই হৈছে অগণন স্বাস্থ্য সমস্যাৰ মূল কাৰণ ৷

এনে পৰিস্থিতিত আপুনি খালী পেটত কেৱল এক ফুটা নহৰু খাই আপোনাৰ স্বাস্থ্যক সুৰক্ষা দিব পাৰে ৷ নহৰুৱে কলেষ্টেৰল আৰু ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে ৷ নহৰুত থকা ৰোগ প্ৰতিৰোধ বৃদ্ধি, প্ৰদাহ-প্ৰতিৰোধী আৰু এণ্টিঅক্সিডেণ্ট গুণাগুণে হৃদযন্ত্ৰক স্বাস্থ্যৱান কৰি ৰাখে ৷ দৈনিক ১ ফুটা নহৰু খোৱাটোৱে আপোনাৰ স্বাস্থ্যক কিদৰে প্ৰভাৱিত কৰে, জানো আহক-

হজম শক্তি উন্নত কৰে

প্ৰতিদিনে ১ ফুটা নহৰু খোৱাৰ ফলত গেষ্ট্ৰিক ৰসৰ পিএইচ উন্নত হয় আৰু ই পাচন তন্ত্ৰ স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে। ইয়াত থকা এণ্টিমাইক্ৰোবাইল গুণাগুণবোৰে অন্ত্ৰত আলচাৰ তথা অন্যান্য গেষ্ট্ৰোইনটেষ্টিনেল ৰোগ হ্ৰাস কৰাত সহায় কৰে।

শৰীৰটো বিষমুক্ত কৰে

কেঁচা নহৰু আৰু পানীৰ সংমিশ্ৰণে শৰীৰক বিষমুক্ত কৰাত সহায় কৰে।ই আপোনাৰ শৰীৰৰ পৰা সকলো ক্ষতিকাৰক বিষাক্ত সামগ্ৰী বাহিৰলৈ উলিয়াই দিয়ে। একে সময়তে, ই বহু প্ৰকাৰৰ কৰ্কট ৰোগৰ পৰাও সুৰক্ষা দিয়ে।

ডায়েবেটিচ নিয়ন্ত্ৰণত ৰাখে

নহৰু খোৱাৰ ফলত ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত থাকে। নহৰুৰ ডায়েবেটিক-ৰোধী আৰু ৰক্ত শৰ্কৰাৰ পৰিমাণ হ্ৰাস কৰে। ইয়াত ভিটামিন চি থাকে, যিয়ে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত ৰাখে।

যক্ষ্মা ৰোগৰ বাবেও উপকাৰী

হাঁওফাঁওৰ সৈতে সম্পৰ্কিত ৰোগত নহৰু যথেষ্ট সহায়ক। যদি আপোনাৰ যক্ষ্মা ৰোগ আছে, তেন্তে নহৰু খাব। ৰাতিপুৱা ২-৩ ফুটা কেঁচা নহৰু চোবাই যক্ষ্মাৰোগৰ লক্ষণবোৰ নিয়ন্ত্ৰণ কৰিব পাৰি। প্ৰকৃততে, নহৰুৰ এলিচিন উপাদানে যক্ষ্মা বেক্টেৰিয়াৰ ওপৰত পোনপটীয়া প্ৰভাৱ পেলায়।