Local, Vocal, Global

Health Benefits of Fiddlehead Fern : ঢেঁকীয়া শাকৰ উপকাৰিতাৰ বিষয়ে জানেনে আপুনি?

অসমৰ হাবিয়ে বননিয়ে উপলব্ধ এবিধ ঔষধি গুণসম্পন্ন শাক হৈছে ঢেঁকীয়া শাক(Benefits of Fiddleheads)। প্ৰাচীন কালৰে পৰা বিভিন্ন ৰোগৰ নিৰাময়ৰ বাবে বিভিন্ন ধৰণৰ ঔষধি উদ্ভিদ পৰম্পৰাগতভাৱে ব্যৱহাৰ হৈ আহিছে । এনে এবিধ ঔষধি গুণেৰে পৰিপুষ্ট উদ্ভিদ হৈছে ঢেঁকীয়া শাক (Fiddlehead Fern)। ঔষধি গুণেৰে সমৃদ্ধ হোৱা বাবে এইবিধ শাক বিভিন্ন ধৰণৰ ৰোগৰ প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰা হয়। ঢেঁকীয়া এবিধ অতি পুষ্টিকৰ শাক এই শাক হাবি, গছৰ তলত বেছি পৰিমাণে হয় । ঢেঁকীয়া শাক ছিঙি এদিন থৈ অলপ লেৰেলাই হাত বাচোন দি ভাল কৈ ধুই তেল অলপ বেচিকৈ তেল দি ভাজি খাবলৈ অতি সুন্দৰ ৷ ইয়াক তিয়াই থোৱা বুট দি ভাজিও খাব পাৰি(Health Benefits of Fiddlehead Fern)।

অসমৰ এক পৰম্পৰা খাদ্য হ’ল ঢেঁকীয়া শাক । আমাৰ ওচৰে-পাঁজৰে বিভিন্ন ধৰণৰ শাক দেখিবলৈ পোৱা যায় আৰু প্ৰায়ভাগ শাকেই খোৱাৰ বাবে উপযোগী ৷ ইয়াৰ ভিতৰত ঢেঁকীয়া শাক অন্যতম ৷

বাৰীৰ চুকত,পথৰ দাঁতিত,সেমেকা আৰু ছাঁ পৰি থকা মাটিত গজি থকা ঢেঁকীয়া আমাৰ সামজিক আৰু সাংস্কৃতিক পৰম্পৰাৰো অঙ্গ।সকলো ধৰণৰ ৰাসায়নিক সাৰ তথা কীট নাশক ঔষধৰ পৰা সৰ্বথা মুক্ত ঢেঁকীয়া। গুণগত দৃষ্টিকোণৰ পৰা ই আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। ঢেঁকীয়াত প্ৰটিন, ভিটামিন এ, ভিটামিন বি কম্প্লেক্স, ভিটামিন চি, ভিটামিন ই, বিতা কেৰোটিন, এন্টিঅক্সিডেন্ট, কেলচিয়াম, আইৰণ, ফছফৰাছ ইত্যাদি পোৱা যায়।

ঢেঁকীয়াৰ এক লাভজনক দিশ হ’ল ইয়াৰ সহজলভ্যতা। এই শাক সাধাৰণতে বছৰৰ মাৰ্চ মাহৰ পৰা অক্টোবৰ মাহলৈকে পোৱা যায়।কেৱল শীতৰ তিনি/চাৰি মাহ গছবোৰ সুপ্ত হৈ ৰয় আৰু নতুন পাত নোলায়।ঢেঁকীয়াক পৰম্পৰাগত খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়।ঢেঁকীয়া, মাগুৰ মাছ আৰু ঔ টেঙাৰ জোল আদিবোৰ অতি সুস্বাদু ব্যঞ্জন।গৱেষণাৰ মতে ঢেঁকীয়াত ৩৩.৩৭% প্ৰটিন,৫.৬০%শৰ্কৰা,৩.৮০% চৰ্বিজাতীয় উপাদান,৭.৮০%আঁহজাতীয় পদাৰ্থ আৰু ১৩.১৫% খনিজ লোণ থাকে(Health Benefits of Fiddlehead Fern )।

ঢেঁকীয়া শাক আমাৰ স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী । আহক জানি লওঁ ঢেঁকীয়া শাকৰ উপকাৰিতাৰ বিষয়ে(What Are the Health Benefits of Fiddlehead Ferns? )

নিৰামিষভোজী সকলৰ বাবে ঢেঁকীয়া খুব উপকাৰী কাৰণ ইয়াত প্ৰটিন আছে আৰু লগতে লাগতিয়াল ভিটামিন আৰু খনিজ পদাৰ্থ থাকে।

ঢেঁকীয়াত কেলচিয়াম,ফচফৰাছ থাকে । ই হাড়ৰ গঠনৰ বাবে অতি উপকাৰী।

ঢেঁকীয়াত বিতা কেৰোটিন ,ভিটামিন চি থকা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে।

ঢেঁকীয়াই ৰুচি বৰ্ধক আৰু কোষ্ঠকাঠিন্য দূৰ কৰে।

পেলুৰ সমস্যাত ঢেঁকীয়া শাক উপকাৰী।

ঢেঁকীয়াই লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে।ইয়াৰ উপৰিও জণ্ডিচ, ফেটি লিভাৰত উত্তম পথ্য।

ডায়েবেটিচ ৰোগীৰ বাবে ঢেঁকীয়া উপকাৰী।

ভিটামিন এ থকা বাবে দৃষ্টি শক্তিৰ বাবে উপকাৰী ঢেঁকীয়া।

পেটৰ চৰ্বি হ্ৰাস কৰাত ঢেঁকীয়াই যথেষ্ট সহায় কৰে । ঢেঁকীয়াত অতি কম পৰিমাণৰ কেলোৰি থাকে ৷ ঢেঁকীয়া ভেষজত আঁহ থাকে ।

লগতে পঢ়ক : Spinach Benefits: পালেং শাকৰ উপকাৰিতাৰ বিষয়ে জানেনে আপুনি ?