Health Benefits of Eating Watermelon :গ্ৰীষ্মকালীন ফল তৰমুজৰ উপকাৰিতাৰ বিষয়ে জানেনে আপুনি

তৰমুজ হৈছে গৰমৰ দিনৰ এক বিশেষ ফল। তৰমুজে শৰীৰ শীতল কৰাৰ লগতে এই ফল স্বাস্থ্য বাবে অতি উপকাৰী। তৰমুজ বহুতৰে প্ৰিয় ফল। তৰমুজত আছে বহু উপকাৰী গুণ। ৯২ শতাংশ পানীৰে ভৰা তৰমুজ গৰমৰ দিনত স্বাস্থ্যৰ বাবে অতি উপকাৰী। গৰমৰ দিনত শৰীৰ হাইড্ৰেট কৰি ৰখাত তৰমুজে সহায় কৰে।গৰমৰ দিনত তৰমুজৰ এটুকুৰা মুখত পৰিলে মানুহৰ দেহ-মন শাঁত পৰি যায়।তৰমুজ পানীৰে ভৰা ৰঙা ৰঙা দেখিলেই লোভ লাগে সকলোৰে । তৰমুজৰ আছে আচৰিত উপকাৰী গুণ(Benifits of Watermelon)।
জানো আহত তৰমুজ গুণাগুণৰ বিষয়ে(Health Benefits of Eating Watermelon)
গৰমৰ দিনত শৰীৰ ডিহাইড্ৰেট কৰি ৰখাত বহু উপকাৰী ফল তৰমুজ। তৰমুজত প্রচুৰ পৰিমানে পোৱা যায় পুষ্টি, ভিটামিন আৰু খনিজ আইৰণ।
তৰমুজত প্রচুৰ পৰিমাণে বিটা কেৰোটিন আৰু ভিটামিন এ থাকে।
তৰমুজত ভিটামিন এ ৰ ভাল উৎস বুলি গণ্য কৰা হয়।যি আমাৰ চকু আৰু হৃদযন্ত্ৰৰ বাবে ভাল।
তৰজমুজত থকা বিটা কেৰোটিনে চকুৰ ৰেটিনা সুৰক্ষাত সহায় কৰাৰ লগতে চকুত ছানি পড়াৰ ক্ষেত্রত প্রতিবন্ধকতাৰ সৃষ্টি কৰে।
তৰমুজে হৃদযন্ত্রৰ সঠিকভাৱে ৰক্ত প্রৱাহত সহায় কৰে ফলত হৃদযন্ত্র ব্লক হোৱাৰ প্রৱণতা বহুগুণে হ্রাস পায়।
তৰমুজ খালে কোষ্ঠকাঠিন্য নিৰাময় কৰিব পাৰে,কিয়নো ই আঁহ আৰু পানীৰে সমৃদ্ধ।
তৰমুজত প্রচুৰ পৰিমাণ পটাছিয়াম থাকে যি প্রাকৃতিকভাৱে শৰীৰত ইলেকট্রো পাৱাৰ তৈয়াৰী কৰে।
তৰমুজত প্রচুৰ পৰিমাণ ভিটামিনি চি থাকে যি শৰীৰৰ বিভিন্ন স্থানৰ বিষ নিৰাময়ৰ লগতে দাঁত আৰু মাংসপেশীৰ সুৰক্ষাত প্রতিষেধক হিচাপে কাম কৰে
ছালৰ ৰোগৰ বাবে তৰমুজ উপকাৰী । তৰমুজৰ ৰস সেৱন কৰিলে ধাতু দূৰ্বল হোৱাৰ কোনো সম্ভাৱনা নাথাকে।
তৰমুজত লাইকোপিনো নামক ৰঙা উপাদান থাকে যত প্রচুৰ পৰিমাণে কেলচিয়াম মিহলি থাকে যিয়ে হাড়ৰ গঠন মজবুত কৰাত অত্যন্ত সহায় কৰে।
তৰমুজত প্রচুৰ পৰিমাণে এমাইনো এছিড থাকে যি শৰীৰৰ কোলেস্টেৰল আৰু চর্বি কমোৱাত সহায় কৰে। ইয়াৰ উপৰিও তৰমুজত এন্টি অক্সিডেন্ট থাকে যি শৰীৰত জমা হৈ থকা কোলেস্টেৰল কমোৱাত সহায় কৰে।
শৰীৰৰ বৰ্ধিত মেদ কমাবলৈ বিচৰাসকলৰ বাবে তৰমুজ এবিধ উত্তম খাদ্য।
তৰমুজত প্রচুৰ পৰিমাণৰ পানী থকাৰ বাবে প্রস্রাৱৰ জ্বলাপোৰা কমাই দিয়ে। তৰমুজত থকা এন্টিবডিয়ে কিডনি আৰু লিভাৰ সুৰক্ষাত সহায় কৰে।
তৰমুজত থকা Citrulline নামৰ এমিনো এছিডবিধ কিডনিৰ বাবে অত্যন্ত উপকাৰী।
তৰমুজত প্রচুৰ পৰিমাণে পানী থকাৰ বিপৰীতে খুব কম পৰিমাণৰ কেলৰি থাকে। সেই কাৰণেই পেট ভৰাই তৰমুজ খালেও সেই অনুযায়ী ওজন নাবাঢ়ে।
আহাৰ খোৱাৰ পাছত তৰমুজৰ ৰস সেৱন কৰিলে ভোজন সোনকালে হজম হয়।