Health Benefits of Eating Curd Daily : আপোনাৰ বাৰে নিতৌ দৈ খোৱাৰ অভ্যাস আছে নেকি ? নিতৌ দৈ খালে কি কি উপকাৰ সাধন হয় আপুনি বাৰু জানেনে ?

দৈ আমাৰ সমাজৰ এটা চিনাকি নাম। অসমত দৈ এবিধ প্ৰিয় খাদ্য। দৈ স্বাস্থ্য আৰু সৌন্দৰ্য উভয়ৰ বাবে খুব ভাল ৷ দৈত প্ৰচুৰ পুষ্টি পোৱা যায়, যি আমাৰ দেহৰ বাবে উপকাৰী ৷ দৈ খোৱা বা দৈৰ ব্যৱহাৰ আমাৰ স্বাস্থ্যৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। দৈত অত্যাধিক পুষ্টিকৰ উপাদান থাকে। সেয়েহে দৈক জীৱন দায়িনী শক্তিকাৰক ঔষধ হিচাপে নামকৰণ কৰা হয়(Health Benefits of Eating Curd Every Day)।
দৈ হৈছে গাখীৰৰ দ্বাৰা উৎপন্ন এবিধ খাদ্য সামগ্ৰী ৷ আমি ইচ্ছা কৰিলেই গাখীৰৰ পৰা দৈ প্ৰস্তুত কৰি ল’ব পাৰো ৷ প্ৰকৃততে, বেক্টেৰিয়াৰ সান্নিধ্যত গাখীৰত ঘটা ৰাসায়নিক পৰিৱৰ্তনৰ ফলতেই দৈৰ সৃষ্টি হয় ৷ গাখীৰত লেক্টজ নামৰ এবিধ কাৰ্বহাইড্ৰেট থাকে আৰু বেক্টেৰিয়াই বিপাকীয় কাৰ্যৰ জৰিয়তে লেক্টজক লেক্টিক এচিডলৈ পৰিৱৰ্তন কৰে ৷ সময় বাঢ়ি যোৱাৰ লগে লগে দৈত সেই এচিডৰো পৰিমাণ বৃদ্ধি হয়(Health Benefits of Eating Curd Daily ) ৷
চিকিৎসাক আৰু ডায়েটিচিয়ান সকলে দুপৰীয়াৰ খাদ্যত দৈ খাবলৈ পৰামৰ্শ দিয়ে। বয়সীয়াল লোকৰ বাবে দৈ বিশেষভাৱে উপকাৰী । দৈত প্ৰচুৰ পৰিমাণে প্ৰ’টিন আৰু কেলচিয়াম থাকে যিয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰে । দৈত কেলচিয়াম আৰু লেষ্টিক এচিড থাকে যিয়ে গাৰ ছাল কোমল কৰাত সহায় কৰে। দৈৰ সৈতে নিমৰ পাত মিহিকৈ পিহি ছালত লগালে ছালৰ ৰোগ,খৰৰ পৰা সুফল পোৱা যায়। টেঙা দৈৰে মূৰ ধুলে মূৰৰ উফি কমে।
দৈৰ গুণাগুণ সম্পৰ্কে জানো আহক (Health Benefits Of Curd)-
ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে
দৈৰ লাভালাভবোৰৰ ভিতৰত এক অন্যতম হৈছে ই ৰোগ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰে ৷ দৈয়ে ৰোগ সৃষ্টিকাৰী বীজাণুৰ সৈতে যুঁজ দি শৰীৰটোক সুস্থ কৰি ৰখাত সহায় কৰে ৷
হাড়-দাঁতৰ স্বাস্থ্য শক্তিশালী কৰে
দৈ কেলচিয়াম আৰু ফছফৰাছ সমৃদ্ধ ৷ কেলচিয়াম হৈছে আমাৰ হাড় আৰু দাঁতৰ ৰক্ষক ৷ প্ৰতিদিনে দৈ খোৱাটোৱে আপোনাৰ দৈনিক কেলচিয়াম আৰু ফছফৰাছৰ প্ৰয়োজনীয়তা যথেষ্ট পৰিমাণে পূৰণ কৰে ৷ ই আপোনাৰ হাড় শক্তিশালী কৰে আৰু আৰ্থ্ৰাইটিছ, অষ্টিওপোৰোচিছ, দাঁতৰ ক্ষয়, দুৰ্বল মাড়ি আদিৰ দৰে স্থিতিৰ আশংকা হ্ৰাস কৰে ৷
হজমশক্তি উন্নত কৰে
দৈ এক উত্তম প্ৰ’বায়োটিক খাদ্য ৷ যাৰ ফলত দৈ খালে ই হজমশক্তি উন্নত কৰাৰ লগতে অন্ত্ৰৰ স্বাস্থ্য ভালে ৰাখে ৷ ই পেট ফুলা সমস্যাৰো সামাধান কৰে ৷
ছালক পুষ্টি দিয়ে
দৈত জিংক, ভিটামিন চি আৰু কেলচিয়ামৰ দৰে অত্যাৱশ্যকীয় পুষ্টি থাকে ৷ এইসমূহ ছালৰ বাবে অতি উপকাৰী ৷ দৈ খালে ই ছালখন আৰ্দ্ৰ কৰি ৰখাত সহায় কৰে ৷ সদায় দৈ খোৱা আৰম্ভ কৰি আপুনি আপোনাৰ ছালখনক এক নতুন জীৱন প্ৰদান কৰিব পাৰে ৷আনহাতে, দৈৰ সৈতে নিমৰ পাত মিহিকৈ পিহি ছালৰ ৰোগ খৰ আদিত লগালে সেয়া সোনকালে ভাল হয় ৷
চুলিৰ স্বাস্থ্য উন্নত কৰে
ছাল-ছুলিৰ বাবে খুবেই উপকাৰী দৈ ৷ দৈৰে চুলি ধুলে চুলি ঘন, কোমল আৰু অধিক ক’লা হয় বুলি আয়ুৰ্বেদ শাস্ত্ৰত পোৱা যায় ৷টেঙা দৈৰে চুলি ধুলে মূৰৰ উফিও নাশ হয় ৷
ওজন হ্ৰাসত সহায়ক
ওজন হ্ৰাস কৰাৰ বাবে দৈ খোৱা ভাল ৷ ই ষ্টেৰইড হৰমন বা কৰ্টিচোলৰ বিকাশ প্ৰতিহত কৰে, যাৰ ফলত মেদবহুলতাৰ আশংকা নিয়ন্ত্ৰণ হয় ৷