Local, Vocal, Global

Health Benefits Of Drinking Tomato Juice In Morning : পুৱা খালী পেটত বিলাহীৰ ৰস খোৱাটো আমাৰ স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী

বিলাহী আমাৰ সকলোৰে চিনাকি। অসমীয়া সমাজত ইয়াৰ বিশেষ সমাদৰ আছে। সমাজত সৰ্বাধিক প্ৰচলিত পাচলি বিধেই হৈছে বিলাহী। অসমীয়া সমাজত বিলাহী আৰু মাছৰ তৰকাৰী খুবেই জনপ্ৰিয়। বিশ্বৰ প্ৰায় সকলো দেশতেই বিলাহী খেতি কৰা হয়।

সমগ্ৰ বিশ্বতে প্ৰায় ৯ হাজাৰ প্ৰকাৰৰ বিলাহী উপলব্ধ। যিকোনো দেশতে বিলাহীৰ আধিপত্য থাকে। বিলাহী অবিহনে কোনো চালাড নাথাকিব। আকৌ এই বিলাহীবোৰে আন পাচলিৰ সোৱাদ কেইবাৰমান বৃদ্ধি কৰিব পাৰে।বিলাহী সুস্বাদু আৰু স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী(Health Benefits of Tomatoes)।

বিলাহী পুষ্টিৰ অন্যতম উৎস। বিলাহীত প্ৰচুৰ পৰিমানে ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি থকাৰ উপৰিও ছালফাৰ, পটাছিয়াম,লো, কেলছিয়াম পোৱা যায়।

কিন্তু ৰান্ধিলে এই ভিটামিন অলপ হ্ৰাস পায়। সেয়েহে কেঁচাই বিলাহী খুৱাটো বেছি উপকাৰী।পকা বিলাহী দেখিবলৈ অতি আকৰ্ষণীয়। পকা বিলাহীত বহুতো ঔষধি গুণ আছে।

আমাৰ সকলোৰে পাকঘৰত এক বিশেষ স্থান দখল কৰা বিলাহী স্বাস্থ্যৰ পক্ষে খুবেই লাভজনক ৷হয়, সোৱাদত টেঙা হ’লেও বিলাহী প্ৰকৃততে বহু ৰোগৰ ঔষধ ৷ ই বহুতো পুষ্টি আৰু এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ ৷ তদুপৰি, বিলাহীত লাইকোপেন, পটাছিয়াম, ফোলেট আৰু ভিটামিন-চিও যথেষ্ট পৰিমাণে পোৱা যায় ৷ যাৰ বাবে বিলাহী তথা বিলাহীৰ ৰস খোৱাটো শৰীৰৰ বাবে অতি উপকাৰী ৷

খালী পেটত বিলাহী ৰস খোৱাটো আমাৰ শৰীৰৰ বাবে কিমান উপকাৰী জানো আহক (Health Benefits Of Drinking Tomato Juice In Morning)

খালী পেটত বিলাহীৰ ৰস খাব

বিশেষজ্ঞসকলৰ মতে, খালী পেটত বিলাহীৰ ৰস খালে আপোনাৰ শৰীৰে সঠিকভাৱে কাম কৰাৰ বাবে প্ৰয়োজনীয় পৰিমাণৰ পুষ্টি লাভ কৰে ৷ তদুপৰি, ই আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে হজম শক্তি উন্নত কৰে ৷

বিলাহীৰ ৰসত প্ৰচুৰ পৰিমাণে আঁহ আৰু পানী পোৱা যায় ৷ এই দুয়োটা পুষ্টিৰ ফলত পাচন তন্ত্ৰই সঠিকভাৱে কাম কৰিব পাৰে ৷ যদি আপুনি আপোনাৰ দিনটো এগিলাচ বিলাহীৰ ৰসেৰে আৰম্ভ কৰে, তেন্তে আপুনি নিশ্চিতভাৱে কৌষ্ঠকাঠিন্য আৰু অন্যান্য হজমৰ সমস্যাৰ পৰা আঁতৰি থাকিব পাৰে ৷

ওজন হ্ৰাস কৰাত সহায়ক

খালী পেটত বিলাহীৰ ৰস খোৱাটোৱে ওজন হ্ৰাস কৰাত সহায় কৰে ৷ ইয়াত কম পৰিমাণত কেলৰি থাকে ৷ ইয়াক সেৱন কৰিলে দীঘলীয়া সময়ৰ বাবে পেট ভৰ্তি হৈ থাকে ৷

বিষাক্ত পদাৰ্থ মুকলি কৰে

খালী পেটত বিলাহীৰ ৰস খোৱাটোৱে শৰীৰত থকা বিষাক্ত পদাৰ্থবোৰ উলিয়াই দিয়াত সহায় কৰে ৷ ইয়াক এক ভাল ‘ডিটক্স’ পানীয় বুলি গণ্য কৰা হয় ৷ প্ৰকৃততে বিলাহীৰ ৰসত থকা উচ্চ পানীৰ পৰিমাণে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰে ৷

ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে

বিলাহীক এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ বুলি গণ্য কৰা হয় ৷ তদুপৰি, বিলাহীৰ ৰসে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত আৰু কোষৰ ফলত হোৱা ক্ষতিৰ পৰা শৰীৰক সুৰক্ষিত কৰাত সহায় কৰে ৷

লগতে পঢ়ক : Health Benefits of Eating Curd Daily : আপোনাৰ বাৰে নিতৌ দৈ খোৱাৰ অভ্যাস আছে নেকি ? নিতৌ দৈ খালে কি কি উপকাৰ সাধন হয় আপুনি বাৰু জানেনে ?