Health Benefits of Bananas : আপুনি বাৰু জানেনে কল খালে আমাৰ কি কি ৰোগ নিৰাম়য় হয়?
ফল আমাৰ শৰীৰৰ সুস্বাস্থ্যৰ বাবে অতি পুষ্টিকাৰক। সতেজ আৰু শুকান ফল সমূহ আমাৰ শৰীৰৰ সুস্বাস্থ্যৰ বাবে উপকাৰী। এই ফল সমূহৰ বহু ধৰণৰ উপাদান যেনে- ভিটামিন (Vitamins), খনিজ পদাৰ্থ (Minerals), এণ্টি-অক্সিডেণ্টে (Anti-oxidant) থকাৰ উপৰিও আঁহ জাতীয় গুণেৰে ভৰপূৰ। বিভিন্ন ধৰণৰ পুষ্টিৰে সমৃদ্ধ এনে এবিধ উৎকৃষ্ট ফল হৈছে কল (Banana)।
কল এবিধ সুস্বাদু ফল । কল মানুহৰ স্বাস্থ্যৰ কাৰণে অতি উপকাৰী। কল বা কলগছ চিনি নোপোৱা মানুহ হয়তো ভাৰতবৰ্ষ বা পৃথিৱীতে নোলাব। কল খাই বেয়া পোৱা মানুহো হয়তো বিচাৰি পোৱা নাযাব। পৃথিবীৰ অধিকাংশ দেশতে কলক উচ্চ স্থান দি আহিছে।
কল গছৰ উৎপত্তি স্থল দক্ষিণ এচিয়া আৰু অষ্ট্ৰেলিয়া বুলি জনা যায়(Benefits of Bananas)। মালভোগ, চেনিচম্পা, চুলমী, অমৃত সাগৰ, মনোহৰ, ভীম আদি বিভিন্ন প্ৰজাতিৰ কল আছে যদিও সকলো কলৰে কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু চৰ্বিৰ পৰিমান একেই থাকে। মানুহে প্ৰাচীন কালৰ পৰা এই ক্ৰান্তীয় ফল উৎপাদন কৰি আহিছে, আৰু ইয়াৰ স্বাস্থ্যৰ লাভালাভ বহু শতিকাৰো অধিক সময় ধৰি প্ৰচাৰ হৈ আহিছে(Health Benefits of Bananas)।
কিন্তু আপুনি জানেনে এই কলৰ উপকাৰিতা কিমান? আপুনি বাৰু জানেনে কল খালে আমাৰ কি কি ৰোগ নিৰাম়য় হয়?
কলত থকা পটাছিয়াম এনে এবিধ খনিজ পদাৰ্থ যি মানুহৰ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।
নিয়মিতভাৱে কল খোৱা লোকসকলৰ hurt attack ৰ ভয় ৪০ শতাংশ কম কৰে।
এটা অধ্যয়নত পোৱা গৈছে যে যদি এজন লোকে সপ্তাহত ৪-৬ টা কল খায়, তেন্তে সেই লোকৰ কিডনীৰ অসুখ হোৱাৰ আশংকা শতকৰা ৫০ ভাগ কমে।
কল খালে মানুহৰ পেট,বুকু, আদিৰ জ্বলা পোৰাৰ উপসম্ ঘটে।
কলত থকা পেকটিন নামৰ ফাইবাৰ বিধে পাকস্থলীত খাদ্য হজম কৰাত সহায় কৰাৰ উপৰি কোষ্ঠকাথিন্য দুৰ কৰাত সহায় কৰে।
ব্যয়াম কৰাসকলৰ কাৰণে তাৎক্ষণিক শক্তি যোগানত কলৰ প্ৰাধান্য দেখা যায়। কাৰণ কলত লাগতিয়াল গ্লুকোজ, ফ্ৰুক্টোজ, পটাছিয়াম আদিৰ পৰিমান বেছি।
কলে চকুৰ ৰোগ হোৱাত বাধা দিয়ে।
পেট চিকুত মাৰি ধৰি সঘনাই পাতল পায়খানা হলে গাখীৰৰ লগত কল খাব লাগে।
কলে মানসিক বিষন্নতা হ্ৰাস কৰে।
কলত থকা উচ্চ আইৰণৰ পৰিমাণে ৰক্তহীনতা ৰোগৰ পৰা বচাই ৰাখে।
কলত থকা ভিটামিন বি য়ে তেজৰ শ্বেতৰক্ত কণিকাৰ পৰিমান বঢ়াই যি মানুহৰ দেহত হোৱা প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
অষ্টিয়পৰচিচ ৰোগ হ্ৰাস কৰাত কলৰ যথেষ্ট ভূমিকা আছে।
কল খালে শৰীৰৰ গাঁঠিৰ বিষো নিয়ন্ত্ৰণত থাকে।
কলে অন্ত্ৰত কৃ্মি মাৰে।
নিয়মীয়াকৈ কল খালে শৰীৰত তেজ আৰু চৰ্বি বৃদ্ধি পায়। হিম’গ্লবিনো বৃদ্ধি পায়।
নিয়মীয়াকৈ পকা কল খালে ৰক্তস্ৰাবি অৰ্শ ৰোগ নিয়ন্ত্ৰণত থাকে।
শৰীৰে পৰ্যাপ্ত প্ৰটিন আৰু শক্তি লাভ কৰিবলৈ হলে গাখীৰৰ লগত কল খাব লাগে।
কলত কেলৰিৰ পৰিমান যথেষ্ট কম থাকে, প্ৰায় ২০০ মান থাকে। চৰ্বি বেছি থকা লোকে কল খালেও উপকাৰ পাব পাৰে। কলত থকা আহজাতীয় পদাৰ্থই বহু সময়লৈকে মানুহক ভোক নলগাকৈ ৰাখে।
গতিকে ঔষধী গুণেৰে পৰিপুষ্ট কল খাই বিভিন্ন ৰোগৰ পৰা নিজকে নিৰোগী আৰু সুস্থ কৰি ৰাখিব পাৰি। গতিকে আহক, আমি সকলোৱে কল খাও, কিন্তু মনত ৰাখিব ঔষধ দি পকোৱা কল সদায় বর্জন কৰক আৰু প্রাকৃতিকভাৱে পকোৱা কলহে ব্যৱহাৰ কৰি সুফল লাভ কৰিব পাৰি।
লগতে পঢ়ক : Side Effects of consuming Coffee : আপোনাৰ বাৰু ৰাতিপুৱা শুই উঠি কফি খোৱাৰ অভ্যাস আছে নেকি ?