Bay Leaf Benefits : স্বাস্থ্য বাবে যথেষ্ট উপকাৰী তেজপাত
আমাৰ সকলোৰে ঘৰত ব্যৱহাৰ হয় মছলাজাতীয় সামগ্ৰী । আমি ব্যৱহাৰ কৰা মছলাজাতীয় সামগ্ৰী সমূহৰ বিচতৰ কিছুমান আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী আৰু আন কিছুমান আমাৰ স্বাস্থ্য বাবে হানিকাৰক ।
তেজপাত ‘Lauraceae’ পৰিয়ালৰ অন্তৰ্ভুক্ত উদ্ভিদ। তেজপাতৰ বৈজ্ঞানিক নাম – ‘Cinnamomum tamala’। আমি প্ৰায়ে দৈনন্দিন খাদ্যৰ গ্ৰহণত তেজপাত ব্যৱহাৰ কৰে। তেজপাতৰ সুগন্ধি হয়তো সকলোৰে প্ৰিয়। আপুনি জানেনে তেজপাতৰ সুগন্ধিৰ লগতে ইয়াৰ যে বহুতো ঔষধী গুণ আছে(Health Benefits for Bay Leaves)।
তেজপাতত কেলচিয়াম, পটাছিয়াম, তাম, জিংক, আইৰণ, মেগনেছিয়ামৰ দৰে পুষ্টি থাকে, যি চাপ হ্ৰাস কৰাৰ লগতে বিভিন্ন প্ৰকাৰৰ সংক্ৰমণৰ পৰা আমাৰ শৰীৰটোক সুৰক্ষা দিয়ে ৷ বিশেষকৈ খাদ্য় হজমৰ সমস্যা, মুখত টেঙা টেঙা ভাব, এচিডিটি আৰু কোষ্ঠিকাঠিন্যই দূৰ কৰে(Bay Leaf Benefits)।
স্বাস্থ্যৰ বাবে উপকাৰী তেজপাতৰ উপকাৰিতাৰ বিষয়ে জানো আহক-
তেজপাতে কাহ, চৰ্দি আৰু ব্ৰংকাইটিছৰ দৰে শ্বাস-প্ৰশ্বাসৰ সমস্যা প্ৰতিহত কৰে ৷ ইয়াত বহুতো যৌগ থাকে, যি শ্বাস-প্ৰশ্বাসৰ ৰোগৰ পৰা আমাৰ শৰীৰটোক সুৰক্ষা দিয়ে ৷
তেজপাতে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰে ৷ ই বৃক্ক স্বাস্থ্যৱান কৰি ৰাখে ৷ তদুপৰি, ইয়াত পোৱা জৈৱিক যৌগবোৰে পেটৰ বিকাৰ, ইৰিটেবল বাৱেল চিণ্ড্ৰোম হ্ৰাস কৰাতো যথেষ্ট সহায় কৰে ৷
খাদ্যত তেজপাত অন্তৰ্ভূক্ত কৰিলে হজম শক্তি উন্নত হয় ৷
তেজপাতত লিজিল নামৰ এবিধ উপাদান থাকে ৷ এই উপাদানে উদ্বেগ আৰু চাপ আঁতৰ কৰাত সহায় কৰে ৷ ইয়াত পোৱা গুণাগুণবোৰে হতাশাৰ সম্ভাৱনাও হ্ৰাস কৰিব পাৰে ৷
ডায়েবেটিছ ৰোগীসকলৰ বাবে তেজপাত অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ ই শৰীৰত ডায়েবেটিছৰ স্তৰ হ্ৰাস কৰে ৷ টাইপ-২ ডায়বেটিছৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত তেজপাত অতি উপকাৰী ৷
তেজপাতে শৰীৰৰ প্ৰদাহ হ্ৰাস কৰাতো সহায় কৰে ৷ ই আৰ্থ্ৰাইটিছ আৰু অন্যান্য প্ৰদাহজনিত ৰোগৰ বাবেও উপকাৰী ৷
তেজপাতত ভিটামিন-চি পোৱা যায়, যি সংক্ৰমণ আৰু শৰীৰৰ জ্বলা-পোৰা সমস্যাৰ পৰা সুৰক্ষা দিয়াত সহায় কৰে ৷
চুলিৰ বিকাশতো তেজপাত খুবেই উপকাৰী ৷ ই চুলি সৰাৰ সমস্যা দূৰ কৰাৰ লগতে ইয়াত পোৱা গুণাগুণবোৰে উফিৰ পৰা পৰিত্ৰাণ পোৱাতো সহায় কৰে ৷