Local, Vocal, Global

Student sexually assaulting by Headmaster: বিদ্যালয়ত ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ এজন প্ৰধান শিক্ষকৰ বিৰুদ্ধে

বিদ্যালয়ত ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ এজন প্ৰধান শিক্ষকৰ বিৰুদ্ধে

ধিং, ২৩ জুন : মানৱ সম্পদ গঢ়া পবিত্ৰ শিক্ষকতাৰ বৃত্তিত পুনৰ এবাৰ কালিমা সনাৰ অভিযোগ ধিঙৰ এজন প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৷ শিক্ষাৰ্থীক পাঠদানৰ বিপৰীতে বিদ্যালয়ত অসৎ কৰ্মত জড়িত থকাৰ অভিযোগ প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে ৷ শিক্ষাৰ্থীক যৌন নিৰ্যাতন চলোৱাৰ এক গুৰুতৰ অভিযোগত অভিযুক্ত এই প্ৰধান শিক্ষকজনৰ নাম মজিবুৰ ৰহমান ৷

অভিযোগ অনুসৰি, জুৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ডুমডুমীয়াৰ নৈপৰীয়া ৩২০ নং জাৰামাৰী জে বি বিদ্যালয়ৰ প্ৰধান শিক্ষক মজিবুৰ ৰহমানে প্ৰতিদিনে বিৰতি অথবা মধ্যহ্ন ভোজনৰ সময়ত বিদ্যালয়খনৰ ছাত্ৰীক চলাই যৌন নিৰ্যাতন । বিৰতি অথবা মধ্যহ্ন ভোজনৰ সময়ত শীক্ষাৰ্থীসকল শ্ৰেনীকোঠাৰ পৰা বাহিৰলৈ উলাই যোৱাৰ সুযোগ গ্ৰহণ কৰি যিকোনো এগৰাকী ছাত্ৰীক কোঠালৈ মাতি নি চলাই যৌন নিৰ্যাতন । প্ৰতিদিনে একোগৰাকীকৈ ছাত্ৰীৰ ওপৰত যৌন নিৰ্যাতন চলাই অহাৰ এক ভয়ংকৰ অভিযোগ পোহৰলৈ অহাৰ পাছতে শুকুৰবাৰে অভিভাৱক সকল বিদ্যালয়ৰ চৌহদত একত্ৰিত হৈ প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে(Student sexually assaulting by Headmaster) ৷

অভিভাৱকসকলে অভিযোগ কৰা অনুসৰি, বিগত বহুদিন ধৰি প্ৰধান শিক্ষক মজিবুৰ ৰহমানে বিদ্যালয়ৰ বিৰতিৰ সময়ত ছাত্ৰ-ছাত্ৰীসকল বাহিৰলৈ ওলায় যোৱাৰ সুযোগ গ্ৰহণ কৰি যি কোনো এগৰাকী ছাত্ৰীক কোঠাৰ ভিতৰলৈ মাতি নি দুৱাৰ বন্ধ কোঠাৰ ভিতৰত নিতৌ চলাই যৌন উৎপীড়ন ৷ লগতে এই কুকৰ্মৰ কথা ছাত্ৰীসকলক ঘৰত নকবলৈ শিক্ষকজনে প্ৰদান কৰি আহিছে ভাবুকি ৷ অন্যথা স্কুলৰ পৰা নাম কাটি খেদি পঠিওৱাৰ কথা কৈ মুখ বন্ধ কৰাই শিক্ষকজনে ৷

অভিভাৱক সকলৰ অভিযোগ, পূৰ্বেও এনে কুৰ্ম কৰি কেইবাবাৰো ধৰা পৰিছে এই লম্পট শিক্ষকজনে ৷ শেহতীয়াকৈ ৩ গৰাকীকৈ ছাত্ৰীয়ে প্ৰধান শিক্ষকৰ দ্বাৰা চলোৱা যৌন উৎপীড়ন সহ্য কৰিব নোৱাৰি ঘৰত অৱগত কৰিছিল ৷ তাৰ পিছতে অভিভাৱকৰ লগতে স্থানীয় ৰাইজ একত্ৰিত হৈ বিদ্যালয়লৈ আহি প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে শান্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবীৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে উত্থাপিত এই গুৰুতৰ অভিযোগৰ পাছতে সমগ্ৰ ডুমডুমীয়া অঞ্চলটোতে বিৰাজ কৰিছে উত্তেজনাই । এনে পৰিপেক্ষিতত স্থানীয় প্ৰশাসনৰ লগতে শিক্ষা বিভাগে ঘটনা সন্দৰ্ভত উচিত তদন্ত কৰি অভিযুক্ত প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহনৰ দাবী তুলিছে স্থানীয় লোকসকলে ।

লগতে পঢ়ক : Father sexually abusing his son: পুত্ৰক যৌন নিৰ্যাতন চলোৱা পিতৃক দোষী সাব্যস্ত