Local, Vocal, Global

Headmaster attacked by miscreants : ধিঙত দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰিলে এগৰাকী প্ৰধান শিক্ষকক

ধিং, ১৪ জুন : বুধবাৰে পুৱাই ধিঙত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ’ল এগৰাকী প্ৰধান শিক্ষক (Headmaster attacked by miscreants) । ধিঙৰ কুকৰে চৰত সংঘটিত হৈছে এই ঘটনাটো । কুকৰে চৰ মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীক আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ, বিদ্যালয়খনৰ সহকাৰী শিক্ষয়ত্ৰী জয়নব বিবিৰ লগতে তেখেতৰ ভাড়াতীয়া গুণ্ডাবাহিনীৰ দলৰ বিৰুদ্ধে ।

কুকৰে চৰ মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষকৰূপে কৰ্মৰত শ্বেখ বাবু মুজাদ্দাদীয়ে বিদ্যালয়লৈ গৈ থকা অৱস্থাত মাজু চৰত দুৰ্বৃত্তৰ দলটোৱে লগত পিষ্টল আৰু চোকা অস্ত্ৰ লৈ আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে (Attack with pistol and sharp weapon) ।

প্ৰধান শিক্ষকগৰাকীৰ অভিযোগ, তেওঁৰ বিদ্যালয়ৰ সহকাৰী শিক্ষয়ত্ৰী জয়নব বিবিৰ স্বামী চিৰাজুল ইছলামৰ লগতে কেইবাজনীয়া এটা দুৰ্বৃত্তৰ দলে তেওঁক হত্যাৰ চেষ্টা চলায় (Attempted to murder) ।

লগতে প্ৰধান শিক্ষকগৰাকীৰ অভিযোগ, একমাত্ৰ প্ৰধান শিক্ষকৰ আসনখন পোৱাৰ লোভতে জয়নৱ বিবিয়ে এনেদৰে দুৰ্বৃত্তৰ জড়িয়তে তেওঁক হত্যাৰ অপচেষ্টা চলাইছিল । বুধবাৰে পুৱাই দুৰ্বৃত্তৰ দলৰ আক্ৰণত আহত প্ৰধান শিক্ষয়ত্ৰীগৰাকীয়ে মূৰত বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱাত স্থানীয় লোকৰ সহযোগত ততাতৈয়াকৈ ধিং এফ আৰ ইউত ভৰ্ত্তি কৰোৱা হৈছিল যদিও স্বাস্থ্যৰ অৱস্থাৰ অধিক অৱনতি ঘটাত চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ নগাঁৱলৈ প্ৰেৰণ কৰে ৷

ইতিমধ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী শিক্ষকগৰাকীয়ে ধিং থানাত দাখিল কৰিছে এখন এজাহাৰ ৷ স্থানীয় একাংশ লোকৰ অভিযোগ অনুসৰি, পূৰ্বতেও এইগৰাকী সহকাৰী শিক্ষয়ত্ৰীয়ে বিদ্যালয়খনৰ পূৰ্বৰ প্ৰধান শিক্ষক দিলদাৰ হুছেইনক বিভিন্ন ভয় ভাবুকিৰে বিদ্যালয় এৰিবলৈ বাধ্য কৰাইছিল ।

জানিব পৰা মতে, সহকাৰী শিক্ষয়ত্ৰীগৰাকীৰ পৰা মুজাদ্দাদীয়ে পূৰ্বৰে পৰা বিভিন্ন সময়ত পাই অহা ভাবুকি সন্দৰ্ভত বটদ্ৰৱা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বাহাৰুল ইছলামক অৱগত কৰিছিল ৷ এই বিষয়টোৰ সন্দৰ্ভত বটদ্ৰৱা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াগৰাকীয়েও এক চৰজমিন তদন্তৰ আশ্বাস প্ৰদান কৰিছিল যদিও বিভাগৰ ফালৰ পৰা এই লৈ কোনো তদন্ত আৰম্ভ নকৰাৰ অভিযোগ উত্থাপন হৈছে ।

ইফালে বুধবাৰে সংঘটিত প্ৰধান শিক্ষকক আক্ৰমণৰ অভিযোগত অভিযুক্ত জয়নব বিবিকে ধৰি আক্ৰমণকাৰী দলটোৰ বিৰুদ্ধে আৰক্ষীয়ে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় ।

লগতে পঢ়ক : Civil War in Manipur: পুনৰ মণিপুৰত ৰক্তাক্ত পৰিৱেশ; দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে মহিলাসহ 9 গৰাকী লোকক