Local, Vocal, Global

WATCH | Hatsingmari News : গঠন কৰা হ’ল কালাপানী গাওঁ পঞ্চায়তৰ পূৰ্ণাংগ সমিতি

হাটশিঙিমাৰী,২৫জুন : গঠন কৰা হ’ল কালাপানী গাওঁ পঞ্চায়তৰ পূৰ্ণাংগ সমিতি।

শিৰিমা খাতুনক সভানেত্ৰী আৰু মনিৰুল ইছলামক উপ সভাপতি নিৰ্বাচিত কৰি গঠন কৰা হ’ল কালাপানী গাওঁ পঞ্চায়ত।

আজি মানকাচৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত কালাপানী গাওঁ পঞ্চায়তৰ নিৰ্বাচিত ১০ জন সদস্য সদস্যাৰ উপস্থিতিত গঠন কৰা হয় পঞ্চায়ত খন।

মানকাচৰৰ ভাৰপ্ৰাপ্ত চক্ৰ বিষয়া পাপ্পু গগৈ আৰু খণ্ড উন্নয়ন বিষয়া পৰামান্দ শইকীয়াৰ উপস্থিতত কালাপানী গাওঁ পঞ্চায়ত গঠন কৰা হয়(Hatsingmari News)।

ইফালে পানকাটা গাওঁ পঞ্চায়তৰ ১০ জন সদস্য সদস্যাৰ ভিতৰত ৫ জন সদস্য সদস্যা উপস্থিত আছিল যদিও অনুস্থিত থাকে ৫ জন সদস্য সদস্যা। যাৰ বাবে পানকাটা গাওঁ পঞ্চায়ত গঠন কৰিব পৰা নাই যদিও চলিত মাহৰ ৩০ তাৰিখত আকৌ দিন ধাৰ্য্য কৰি দিয়ে।

লগতে পঢ়ক :WATCH | Artificial Flood in Geleky : কৃত্ৰিম বানত বিধ্বস্ত গেলেকীৰ বিস্তীৰ্ণ অঞ্চল