Local, Vocal, Global

WATCH | Hatsingmari News : ব্ৰহ্মপুত্ৰ নদীৰ বুকুত আৱদ্ধ যাত্ৰীবাহী লঞ্চ

হাটশিঙিমাৰী,১৭জুন : ফকিৰগঞ্জৰ পৰা ধুবুৰী অভিমুখী যাত্ৰীবাহী লঞ্চ ব্ৰহ্মপুত্ৰ নদীৰ বুকুত আৱদ্ধ।

লঞ্চ খন আৱদ্ধ হোৱাৰ পিছতে যাত্ৰীৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰ ময় পৰিস্থিতিৰ।

নদীৰ পানী কম হোৱাৰ বাবেই আবদ্ধ হয় যাত্ৰীবাহী লঞ্চ খন(Hatsingmari News)।

ফকিৰগঞ্জৰ লঞ্চ খনত ২০০ৰো‌ যাত্ৰী আছে।

লঞ্চখন এক ঘন্টা সময় আবদ্ধ হৈ থকাৰ পিছতো যাত্ৰী সকলৰ উদ্ধাৰৰ ব্যৱস্থা কৰা নাই জিলা প্ৰশাসনে।

এক ঘণ্টা পিছত যন্ত্ৰচালিত নৌকাৰে যাত্ৰী সকলক উদ্ধাৰ কৰা পৰিলক্ষিত হৈছে।

লগতে পঢ়ক : WATCH | Dhemaji Pressmeet : ধেমাজিত জিলা আয়ুক্ত ৰাহুল সুৰেশ জাবীৰ সংবাদ মেল